Cachar Incident:সামাজিক মাধ্যমত ৰীল বনাই গাওঁ বাসীৰ ৰোষত পৰিল এগৰাকী বোৱাৰী

real

Cachar Incident:

সামাজিক মাধ্যমত ৰীল ভিডিঅ’ বনাই গাওঁ বাসীৰ ৰোষত পৰিল এগৰাকী বোৱাৰী ৷কাছাৰৰ শিলচৰ চেংকুৰি কুকুবাৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

ADVERTISEMENT

অসামাজিক ৰীল বনাই বিপদত পৰিল শিলচৰৰ এগৰাকী বোৱাৰী ৷ গাঁৱৰ শতাধিক মহিলাই ৰীল বনোৱা বোৱাৰী গৰাকীৰ ডিঙিত জোতাৰ মালা আৰু মুখত চুন লগাই গাঁৱৰ পথেদি সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

আনহাতে আইন হাতত তুলি লোৱা মহিলা- যুৱকৰ এই কাণ্ডক একপ্ৰকাৰৰ মৰেল পুলিচিংৰ ঘটনা বুলি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাছাৰত । ইতিমধ্যে কাছাৰ আৰক্ষীয়ে মৰেল পুলিচিঙৰে জড়িত ৫ গৰাকী ব্যক্তিক আটক কৰিছে৷একেদৰে চিনাক্ত কৰিছে অৰ্ধ শতাধিক লোকক ৷ অচিৰেই আটাইকে যিকোনো মুহূৰ্ততে আটকৰ সম্ভাৱনা ব্যক্ত কৰিছে কাছাৰ আৰক্ষীয়ে

Exit mobile version