Dispur Theft:মহানগৰীৰ গণেশগুৰিৰ ৰাজপথত যুৱকৰ পৰা ধন লুট দুই মহিলাৰ

দিছপুৰ আৰক্ষীৰ জালত দুই মহিলা

dispur police

Dispur Theft:

মহানগৰীৰ গণেশগুৰিৰ ৰাজপথত যুৱকৰ পৰা ধন লুট দুই মহিলাৰ ৷ তিনিচুকীয়াৰ পৰা কৰ্মসূত্ৰে গুৱাহাটীলৈ অহা ছাহিল বাছফৰ নামৰ যুৱকজনে গণেশগুৰি উৰণ সেতুৰ তলেৰে খোজকাঢ়ি গৈ থাকোঁতেই পিছ লৈছিল ২ মহিলাই ৷ হঠাতে সুযোগ বুজি দুই মহিলা ভয়- ভাবুকিৰে অস্ত্ৰ দেখুৱাই লুট কৰি নিয়ে নগদ ১৮ হেজাৰ টকা ৷

ADVERTISEMENT

কিংকৰ্তব্যবিমূঢ় হৈ যুৱকজনে নাতিদূৰৈত থকা দিছপুৰ আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে নিশাই অভিযান চলাই দুই মহিলাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ধৃত মহিলা দুগৰাকীৰ নাম জানমণি বেগম( মঙলদৈ), আমিনা বেগম(ছয়গাঁও) ৷ উল্লেখ্য যে আটকাধীন মহিলা দুগৰাকীৰ বিৰুদ্ধে পূৰ্বেও ধন লুটপাতৰ অভিযোগ আছিল ৷

Exit mobile version