Incident at Civil Hospital:
এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল পোন্ধৰটিকৈ নৱজাতক ৷ অসামৰিক চিকিৎসালৰ মাতৃ আৰু শিশু স্বাস্থ্য ভৱনৰ প্ৰথম মহলাত হঠাতে সংঘটিত হয় এক অঘটন।
ADVERTISEMENT
চিকিৎসালয় খনৰ প্রথম মহলাত থকা নৱজাতকৰ বিশেষ পৰিচৰ্যা কক্ষৰ অনলাইন ইউ পি এছত লাগিল জুই। তাৰ পিছতে কৰ্তব্যৰত নাৰ্চ আৰু অভিভাৱকৰ মাজত লাগিল হুৱাদুৱা ৷ অৱশ্যে তাৎক্ষণিকভাৱে বিদ্যুৎ সংযোগ বন্ধ কৰি দিয়া হয় ৷
আনহাতে হুলস্থূলৰ মাজতে পোন্ধৰটিকৈ নৱজাতকক লৈ অভিভাৱকে সুকলমে নিৰাপদ স্থানত অৱস্থান কৰে ৷ উল্লেখ্য যে এই ঘটনাৰ স্থান ধেমাজিৰ অসামৰিক চিকিৎসালৰ মাতৃ আৰু শিশু স্বাস্থ্য ভৱনত ৷