Zubeen Garg :মাজনিশা হঠাৎ অসুস্থ কণ্ঠশিল্পী জুবিন গাৰ্গ

বুকুৰ বিষৰ বাবে ভৰ্তি নেমকেয়াৰ হাস্পতালত

namcare

Zubeen Garg :

মাজনিশা হঠাৎ অসুস্থ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গবুকুৰ বিষৰ বাবে পৰিয়ালৰ লোকে মাজনিশা মহানগৰীৰ নেমকেয়াৰ হাস্পতালত। বৰ্তমান চিকিৎসক ডাঃ হিতেশ বৰুৱা আৰু বিশেষজ্ঞ চিকিৎসক দলত তত্ত্বাৱধানত চলি আছে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ চিকিৎসা ৷

ADVERTISEMENT

চিকিৎসালয় সূত্ৰে জানিব পৰা মতে , পূৰ্বতকৈ বৰ্তমান কিছু সুস্থ হৈ উঠেছে ৷ অৱশ্যে তেওঁ কিছুদিন জিৰণি ল’ব লাগিব ৷ উল্লেখ্য ইয়াৰ পূৰ্বেও কণ্ঠশিল্পী গৰাকী কে’বাবাৰো চিকিৎসাধীন হ’বলগীয়া হৈছিল ৷ সেই সময়ত চিকিৎসকৰ পৰামৰ্শ আছিল যে পৰাপক্ষত জুবিন গাৰ্গে অতিশয় ব্যস্ততাপূৰ্ণ কামৰ পৰা আঁতৰি থকা উচিত ৷

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ লাভ কৰাৰ পিচতে ৰাজ্যৰ চৌদিশে তেওঁৰ অনুৰাগী আৰু গুণমুগ্ধ সকল  হৈ পৰিছে চিন্তিত ৷ নিশা আৰু আজি পুৱা তেওঁৰ অনুৰাগী উপস্থিত হৈ স্বাস্থ্যৰ বুজ লৈছে নেমকেয়াৰ হাস্পতালত

 

 

 

Exit mobile version