Muhammad Yunus: চাপত পৰি পদত্যাগ কৰাৰ কথা চিন্তা কৰিছে মহম্মদ ইউনুছে। তেওঁৰ পদত্যাগৰ খবৰ বিয়পি পৰাৰ লগে লগে বৃহস্পতিবাৰে নিশা ছাত্ৰ নেতা তথা ৰাষ্ট্ৰীয় নাগৰিক দলৰ আহ্বায়ক নাহিদ ইছলামে তেওঁক সাক্ষাৎ কৰিবলৈ যায়।
পাছত নাহিদে জনাইছে যে ইউনুছে তেওঁক কৈছে,কাম কৰিব নোৱাৰিলে থাকি কি লাভ!
হাছিনাৰ বিদায়ৰ পিছত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে ইউনুছক নিযুক্তি দিয়াত নাহিদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেনা আৰু বিএনপিৰ দৰে দলবোৰে ইউনুছক আৰু নিবিচাৰে। তৎকালীনভাৱে ভোটদান কৰিবলৈ ইউনুছক তীব্ৰ হেঁচা প্ৰয়োগ কৰিছে।
বুধবাৰে বাংলাদেশৰ সেনাধ্যক্ষই ইউনুছক ভোটদান নহ’লে ক্ষমতা নিজৰ হাতত ল’ব বুলি ভাবুকি প্ৰদান কৰে। তাৰ লগে লগে ঢাকাত ইউনুছৰ পদত্যাগৰ উৰাবাতৰি বিয়পি পৰে।
ইউনুছে বৃহস্পতিবাৰে ঢাকাত পৰামৰ্শদাতা পৰিষদৰ বৈঠক আহ্বান কৰে। বাংলাদেশৰ সংবাদ মাধ্যমে দাবী কৰিছে যে সেই বৈঠকতে তেওঁ নিজৰ উপদেষ্টাসকলৰ আগত পদত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
সেই বৈঠকত ইউনুছে দাবী কৰিছিল যে ঢাকাত দৈনিক ৰাজপথ অৱৰোধৰ প্ৰতিবাদ, সংস্কাৰকে ধৰি বিভিন্ন বিষয়ত ৰাজনৈতিক দলসমূহৰ মাজত একমতৰ অভাৱ, ৰাজ্যিক বিষয়ত বিভিন্ন দলৰ সহযোগিতাৰ অভাৱত তেওঁ হতাশ হৈ পৰিছে।
ক্ষুব্ধ ইউনুছে দাবী কৰিছে যে দেশৰ সাম্প্ৰতিক পৰিস্থিতিত মুক্ত নিৰ্বাচনৰ সম্ভাৱনাক লৈ সন্দেহৰ সৃষ্টি হৈছে।
উল্লেখ্য যে,নেচনেল চিটিজেনছ পাৰ্টিৰ আহ্বায়ক নাহিদ ইছলামে ইউনুছৰ পদত্যাগৰ খবৰ পোৱাৰ লগে লগে সাক্ষাৎ কৰিবলৈ যায়। কিছুসময় ইউনুছৰ স’তে ব্যক্তিগতভাৱে কথা পতাৰ পাছত নাহিদে ইউনুছৰ পদত্যাগ কৰাৰ ইচ্ছাৰ কথা নিশ্চিত কৰে।
অৱশ্যে জ্ঞাত সূত্ৰৰ মতে এই পদত্যাগ ঘোষণা আচলতে ইউনুছৰ কৌশলগত পদক্ষেপ। বিভিন্ন পক্ষৰ পৰা অহা অসহযোগিতা ঢাকি ৰাখি প্ৰশাসক হিচাপে নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰিছে। একে সময়তে তেওঁ আৰু কেইদিনমান সহানুভূতি লাভ কৰিবলৈ কাৰ্যভাৰত থাকিব বিচাৰিছে ।