thunderstorms: উত্তৰ প্ৰদেশত ধাৰাষাৰ বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ ফলত ২৪ ঘন্টাত ৪৫ জন লোকৰ মৃত্যু । বুধবাৰৰ পৰা বৃহস্পতিবাৰৰ ভিতৰত ৰাজ্যখনৰ ১৮খন জিলাত এই প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হয়।
বতৰ বিজ্ঞান বিভাগে জনাইছে,অহা সোমবাৰলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ, ধুমুহাৰ স’তে হোৱা বৰষুণ অব্যাহত থাকিব।
আৰু সেই কাৰণেই ৰাজ্যজুৰি জাৰি কৰা হৈছে এক সতৰ্কবাণী।সমগ্ৰ পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।লগতে জিলা প্ৰশাসনক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
মৃতকৰ পৰিয়ালে যাতে শীঘ্ৰে ক্ষতিপূৰণ লাভ কৰে তাৰ বাবেও জিলাসমূহক নিৰ্দেশ দিছে ৰাজ্য প্ৰশাসনে। আনকি প্ৰতিখন জিলাত মৃত্যু হোৱা লোকৰ সংখ্যা, সা-সম্পত্তিৰ ক্ষতি, শস্যৰ ক্ষতিৰ তথ্য সংগ্ৰহ কৰি তৎকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনাও দিয়া হৈছে।
ৰাজ্য প্ৰশাসনৰ এগৰাকী মুখপাত্ৰই জনাইছে, প্ৰাকৃতিক দুৰ্যোগৰ ফলত ১৮খন জিলাত প্ৰাণ হেৰুৱাইছে আৰু সা-সম্পত্তিৰ ক্ষতিসাধন হৈছে।
ৰাজ্যত যোৱা ২৪ ঘন্টাত ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত ৪৫ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কাছগঞ্জ আৰু ফতেহপুৰত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক।
ইয়াৰ ভিতৰত কাছগঞ্জ আৰু ফতেহপুৰত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক। এই দুখন জিলাৰ প্ৰতিখনতে পাঁচজনকৈ লোকৰ মৃত্যু হৈছে।
মীৰুট আৰু ঔৰৈত চাৰিজনকৈ লোকৰ মৃত্যু। বুলন্দশ্বৰ, গৌতম বুধ নগৰ, কানপুৰ নগৰ, কান্নাউজ আৰু ইটাত তিনিজনকৈ লোকৰ মৃত্যু হৈছে।
বুলন্দশ্বৰ, গৌতমবুদ্ধ নগৰ, কানপুৰ নগৰ, কনৌজ আৰু ইটাত তিনিজনকৈ লোকৰ মৃত্যু হৈছে। গাজিয়াবাদ, ইটাৱা, আৰু কানপুৰ গ্ৰাম্যত দুজনকৈ লোকৰ মৃত্যু হৈছে।
ফিৰোজাবাদ, আলিগড়, হাথৰাছ আৰু আমেথিত এজনকৈ লোকৰ মৃত্যু হয়। ইয়াৰ বাহিৰেও চিত্ৰকূট আৰু আম্বেদকাৰনগৰত এজনকৈ লোকৰ মৃত্যু হৈছে।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে,পঞ্জাৱৰ ওপৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। যাৰ বাবে ঘণ্টাত ৬০-১০০ কিলোমিটাৰ বেগেৰে ধুমুহা আৰু পূব উত্তৰ প্ৰদেশৰ কিছু অঞ্চলত বৰষুণ হৈছিল। মধ্য উত্তৰ প্ৰদেশ আৰু তৰাই অঞ্চলত সোমবাৰলৈকে এই পৰিস্থিতি অব্যাহত থাকিব।