Spirit: চর্চিত ছবি পৰিচালক সন্দীপ ৰেড্ডী বংগাৰ নতুন ছবি ‘স্পিৰিট’ত জনপ্রিয় অভিনেত্রী দীপিকা পাডুকনক দেখিবলৈ পোৱা নাযাব বুলি চর্চা হৈছে। ছবিখনত বাদশাহ শ্বাহৰুখ খানেও অভিনয় কৰাৰ কথা। ২০২৩ত বলিউদলৈ প্রত্যাবর্তন ঘটোৱাৰ পাছত বর্তমানলৈ শ্বাহৰুখৰ তিনিখন ছবিয়ে মুক্তি পাইছে। ইয়াৰে দুখন ছবিয়েই বক্স অফিচত হিট হৈছে।
লক্ষ্যণীয়ভাবে শ্বাহকখে দীপিকাক তেওঁৰ বাবে ভাগ্যৱান (লাকী চার্ম) বুলি আখ্যা দিয়ে। তৎসত্ত্বেও বংগাৰ ‘স্পিৰিট’ত অভিনেত্ৰীগৰাকীক দেখিবলৈ পোৱাৰ সম্ভাৱনা ক্ষীণ হৈছে। চর্চা অনুসৰি দীপিকাই এনে এক বৃহৎ অংকৰ পাৰিশ্রমিক দাবী কৰিছে, যাৰ বাবে তেওঁক ছবিখনৰ পৰা বাদ দিবলৈ মনস্থ কৰিছে পৰিচালক বংগাই।
একাংশই মন্তব্য কৰা অনুসৰি দীপিকাই দাবী কৰা পাৰিশ্ৰমিকৰ পৰিমাণে একপ্ৰকাৰ আকাশ স্পর্শ কৰিছে। অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠই প্রকাশ কৰা অনুসৰি বংগাৰ নতুন ছবি ‘স্পিৰিট’ত অভিনয় কৰাৰ বাবে দীপিকাই ২০ কোটি টকাৰ পাৰিশ্রমিক দাবী কৰিছে। এনে বৃহৎ অংকৰ পাৰিশ্রমিক দিবলৈ মাস্তি নহৈ বংগাই ছবিখনৰ বাবে নতুন নায়িকাৰ সন্ধান কৰা বুলি চর্চা হৈছে।
অৱশ্যে বংগাৰ ছবিত শক্তিশালী নাৰী চৰিত্ৰৰ অভাব দেখা যায়। ‘কবিৰ সিং’, ‘এনিমেল’, আদি ছবিৰ বাবে পৰিচালকজন বিভিন্ন পক্ষৰ সমালোচনাৰো পাত্র হয়। আনকি একাংশই তেওঁক নাৰী বিদ্বেষীও আখ্যা দিয়ে।
তেওঁৰ ছবিসমূহত কেৱল পুৰুষৰ ছায়া সংগী বা অত্যাচাৰিত ৰূপত নাৰীক দেখা যায়। ইয়াৰ বিপৰীতে দীপিকা স্পষ্টবাদী বুলি চর্চিত। এনে দৃঢ় ব্যক্তিত্বৰ অধিকাৰী অভিনেত্ৰীগৰাকীক অপেছাদাৰী আচৰণৰ বাবে বংগাই তেওঁৰ নতুন ছবিৰ পৰা বাদ দিয়া বুলিও চর্চিত হৈছে।
অৱশ্যে ছবিখনৰ বাবে দীপিকাই আঠ ঘণ্টা শুটিঙো কৰে। তাৰ পাছতো তেওঁ ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত লোৱা বুলি চর্চিত হৈছে। অৱশ্যে সূত্ৰৰ মতে, কেবল বৃহৎ অংকৰ পাৰিশ্রমিকেই নহয়, দীপিকাই ছবিখনৰ লভ্যাংশৰ অংশও দাবী কৰাত পৰিচালক বংগা অসন্তুষ্ট হয়।
ছবিখন ভিন্ন ভাষাত মুক্তি দিয়াৰ সম্ভাৱনা আছে। দীপিকাই তেলুগু ভাষাত সংলাপ ক’বলৈ অস্বীকাৰ কৰে বুলিও চর্চিত হৈ আছে।