Political crisis in Bangladesh has intensified again:পুনৰ ৰাজনৈতিক সংকট ঘনীভূত বাংলাদেশত !

যিকোনো মুহূৰ্ত্বত পদত্যাগ কৰিব পাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে

yunuj pp

Political crisis in Bangladesh has intensified again:

পুনৰ ৰাজনৈতিক সংকট ঘনীভূত চুবুৰীয়া দেশ বাংলাদেশত ৷ যিকোনো মুহূৰ্ত্বত পদত্যাগ কৰিব পাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ৷ সেনা, বাংলাদেশৰ ৰাজনৈতিক দল আৰু বৰ্তমানৰ চৰকাৰৰ মাজত লগা কেৰোণৰ বাবে পুনৰ ৰাজনৈতিক সংকটত পৰাৰ দিছে চুবুৰীয়া দেশ খন ৷

ADVERTISEMENT

উল্লেখযোগ্য যে, দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ সেনা আৰু ইউনুছ চৰকাৰৰ মাজত সংঘাত আৰম্ভ হৈছিল ৷ অক্টোবৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ডেডলাইন বান্ধি দিছিল সেনাই৷সেনাই এই স্থিতিৰ সমান্তৰাল ভাৱে বাংলাদেশৰ ৰাজনৈতিক দল সমূহৰ মাজত সমন্বয় ৰক্ষাত বিফল হৈছে বৰ্তমানৰ চৰকাৰৰ ৷

বৃহস্পতিবাৰে বাংলাদেশৰ ৰাষ্ট্রীয় নাগৰিক দলৰ মুৰব্বী নাহিদ ইছলামৰ সৈতে বৈঠকত মিলিত হৈছিল মহম্মদ ইউনুছ৷এই বৈঠকত পদত্যাগৰ বিষয়ে হয় মাৰাথন আলোচনা ৷ বৈঠকৰ অন্তত আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ওচৰত দলটোৰ মুৰব্বী নাহিদ ইছলামে জনাই যে শীঘ্ৰেই পদত্যাগ কৰিব মহম্মদ ইউনুছে ৷

উল্লেখযোগ্য যে, বিগত বর্ষৰ ছাত্ৰ বিক্ষোভে হাচিনা চৰকাৰ উফৰাই পেলোৱাৰ পৰাই দেশ খনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ পদত আছে মহম্মদ ইউনুছ ৷৮ আগষ্ট ২০২৪ৰ পৰাই এই পদত আছে মহম্মদ ইউনুছ ৷

Exit mobile version