Theft Arrested:
ধুবুৰী জিলাৰ আগমনি থানাৰ আৰক্ষীয়ে আজি পুৱতি নিশা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি এখন বলেৰো পিকআপ ভেনৰ পৰা সাতটা চোৰাং গৰু সহ দুজন সৰবৰাহকাৰীক আটক কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আগন্তুক ঈদৰ ওপৰত লক্ষ্য ৰাখি অসম পশ্চিমবংগ সীমান্তত বৃদ্ধি পাইছে চোৰাং গো-ধনৰ অবৈধ সৰবৰাহ।
ঈদত গো-ধন চালানৰ উদ্দেশ্যে সীমান্তত অসাধু চক্ৰই গো-ধন জমা কৰাৰো অভিযোগ পোৱা গৈছে। জানিব পৰা মতে AS 17C 5111 নম্বৰৰ বলেৰো পিকআপ ভেন খন পশ্চিমবংগৰ পৰা তীব্ৰ বেগত ধুবুৰী অভিমুখে গৈ আছিল। গোলকগঞ্জ আৰক্ষীৰ নৈশ টহলদাৰী দলে সন্দেহবশত: বাহন খন ৰবলৈ নিৰ্দেশ দিয়ে। আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি বাহন খন তীব্ৰ বেগত পলায়ন কৰে।
টহলদাৰী আৰক্ষীৰ দলটোৱে খেদি খেদি বেলগুৰিত বাহন খন আটক কৰিবলৈ সক্ষম হয়। বাহন খনত আৰক্ষীয়ে তালাচী চলোৱাত চাৰিটা গাই গৰু দুটা দমৰা আৰু এটা চেউৰী উদ্ধাৰ কৰে। পিকআপ ভেন খনত সাতটা গো-ধন পান জপা থি জাপি অনাত হেচাঁত পৰি এটা দেশী গাই গৰুৰ মৃত্যু হয়। অৱশ্যে আন তিনিটা উন্নত জাতৰ গাই গৰু।
আৰক্ষীয়ে বলেৰো পিকআপ ভেন খনৰ পৰা দুজন সৰবৰাহকাৰীক আটক কৰে। আটকাধীন পোকালাগী তৃতীয় খণ্ড গাঁৱৰ আক্কাছ আলীৰ পুত্ৰ আলী হুছেইন (২২) আৰু ইমান আলীৰ পুত্ৰ মোছলেম উদ্দিন (২৭)। ধৃত সৰবৰাহকাৰীয়ে জানিব দিয়া মতে খেৰবাৰীৰ ছালামে গৰু কেইটা ধুবুৰীৰ আয়নাল হকৰ ওচৰত প্ৰেৰণ কৰিছিল।