Wild Elephants:
দিনক দিনে বৃদ্ধি পাইছে হস্তী- মানৱৰ সংঘাত ৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে ভৈয়ামৰ জনঅৰণ্যত চলোৱা উপদ্ৰৱত ত্ৰস্তমাণ গঞা ৷ হাটশিঙিমাৰীৰ বড়ঝোৰাত এজাক বনৰীয়া হাতীৰ তাণ্ডৱ। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী বড়ঝোৰাত শুক্ৰবাৰে পুৱাতে দাঁতিকাষৰীয়া পাহাৰৰ পৰা পোৱালী সহ নজনীয়া হাতীৰ জাকে চলায় উপদ্ৰৱ ।
ADVERTISEMENT