infiltration: পুনৰ ভাৰত-পাক সীমান্তৰ সিপাৰে অনুপ্ৰৱেশৰ চেষ্টা। গুজৰাটৰ বানাস্কাঠা জিলাত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ গুলীচালনাত এজন পাকিস্তানী অনুপ্ৰৱেশকাৰী নিহত হয়।
বি এছ এফৰ তথ্য অনুসৰি শুকুৰবাৰে নিশা গুজৰাটৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ এজন অনুপ্ৰৱেশকাৰীয়ে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল ।
এনে পৰিস্থিতিত জোৱানসকলে অচিনাক্ত পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীচালনা কৰিবলৈ বাধ্য হয়। থিতাতে মৃত্যু হয় পাকিস্তানী অনুপ্ৰৱেশকাৰীজনৰ।
পহলগাম হত্যাকাণ্ড আৰু ভাৰত-পাক সামৰিক সংঘৰ্ষৰ পাছত জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ভাৰত-পাক সীমান্তত নিৰাপত্তা কটকটীয়া কৰা হৈছে।
উল্লেখ্য যে,চলিত মাহৰ আৰম্ভণিতে পঞ্জাৱৰ ফিৰোজপুৰত পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।