১০ মাহত ১.৪৩ লাখ কোটি টকা অনুদান আৰু ঋণ লাভ কৰিলে পাকিস্তানে !

প্ৰতিখন দেশে কিমান অৰিহণা যোগাইছে?

1748064903 pakistan money

Pakistan:২০২৪-২৫ চনৰ প্ৰথম ১০ মাহত পাকিস্তানে লাভ কৰিছে ১.৪৩ লাখ কোটি টকাৰ (ভাৰতীয় মুদ্ৰাত) আন্তঃৰাষ্ট্ৰীয় সাহায্য । তাৰ মাজত অনুদানৰ লগতে ঋণো অন্তৰ্ভুক্ত কৰা হৈছে।

ADVERTISEMENT

পাকিস্তানৰ এটা সংবাদ মাধ্যমে দেশখনৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ (ইএডি) এক প্ৰতিবেদনৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ঋণ আৰু অনুদানৰ বাবে পাকিস্তানৰ বাৰ্ষিক লক্ষ্যমাত্ৰা এতিয়াও পূৰণ হোৱা নাই। অহা ৩০ জুনৰ ভিতৰত ১.৬৩ লাখ কোটি টকা লাভ কৰাৰ লক্ষ্য ৰাখিছে ইছলামবাদে।

এতিয়াও বাকী আছে ২০ লাখ কোটি টকা । পৰিসংখ্যাই কৈছে, পূৰ্বৰ বছৰৰ তুলনাত এই বছৰ ঋণ বা অনুদান লাভৰ ক্ষেত্ৰত পাকিস্তান পিছ পৰি আছে।

চুক্তি অনুসৰি পাকিস্তানে চীন, চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা আৰ্থিক সাহায্য লাভ কৰে। জুলাইৰ পৰা এপ্ৰিলৰ ভিতৰত এই তিনিখন দেশৰ পৰা অতিৰিক্ত ঋণৰ পৰিমাণ আছিল ৫১.৮ হেজাৰ কোটি টকা।যিটো যোৱা বছৰৰ তুলনাত কমেও ১৫ শতাংশ কম।

বিগত বছৰ পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ বাৰ্ষিক লক্ষ্য আছিল ১.৪৯ লাখ কোটি টকা। প্ৰত্যাশিত তিনিখন দেশৰ বাহিৰেও বাহিৰৰ পৰা অতিৰিক্ত সাহায্য লাভ কৰা হৈছে ৬০.৮ হাজাৰ কোটি টকা।

বিগত ১০ মাহত পাকিস্তানে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় আৰ্থিক সাহায্যৰ ভিতৰত আছে চৌদি আৰৱৰ পৰা দুই লাখ ৫৫ হেজাৰ কোটি টকা, সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ১৭ হেজাৰ কোটি টকা আৰু চীনৰ পৰা আন ২৫.৫ হেজাৰ কোটি টকা।

কিন্তু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ পৰা পাকিস্তানে যি ঋণ লাভ কৰি আছে সেয়া এই হিচাপত অন্তৰ্ভুক্ত নহয়। আই এম এফে এক্সটেণ্ডেড ফাণ্ড ফেচিলিটি (ই এফ এফ) প্ৰকল্পৰ অধীনত পাকিস্তানক ৫৯.৬ হেজাৰ কোটি টকাৰ ঋণ প্ৰদান কৰিছে। যোৱা অক্টোবৰ মাহত দিয়া হৈছিল আঠ হেজাৰ কোটিতকৈও অধিক ।

শনিবাৰে আই এম এফে কয় যে অহা বছৰৰ ফেডাৰেল বাজেট সন্দৰ্ভত পাকিস্তানৰ স’তে আলোচনা অব্যাহত ৰাখিব। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত ১৯ মে’ৰ পৰা ইছলামবাগত উচ্চ পৰ্যায়ৰ আলোচনা চলিছে।

অনিশ্চয়তাৰ বাবে পাকিস্তান চৰকাৰে বাজেট ঘোষণা ১০ জুনলৈ পিছুৱাই দিছে। শনিবাৰে আই এম এফৰ পাকিস্তান মিছনৰ মুৰব্বীগৰাকীয়ে এক বিবৃতিত কয় যে ,বাজেটৰ ওপৰত শেহতীয়াকৈ হোৱা আলোচনা গঠনমূলক আছিল। অনাগত দিনত আমি এই আলোচনা অব্যাহত ৰাখিম।’

Exit mobile version