Rahul Gandhi:পহলগাম আক্ৰমণৰ পাছত ভাৰতে আৰম্ভ কৰে অপাৰেচন সিন্দূৰ। তাৰ পাছৰে পাকিস্তানেও প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰে। যদিও ইয়াৰ বেছিভাগেই প্ৰতিহত কৰা হ’লেও, সীমান্তৰ কেবাটাও অঞ্চল পাকিস্তানৰ গোলাবৰ্ষণত ক্ষতিগ্ৰস্ত হৈছিল।মৃত্যু হৈছিল সাধাৰণ মানুহৰো ।
কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে শনিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চত উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিয়ে।
অপাৰেচন সিন্দূৰৰ পাছত এইবাৰ কাশ্মীৰৰ মাটিত ভৰি দিলে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। ইয়াৰ পূৰ্বে ২৫ এপ্ৰিলত ৰাহুলে সন্ত্ৰাসবাদী আক্ৰমণত আহতসকলক সাক্ষাৎ কৰিবলৈ শ্ৰীনগৰ ভ্ৰমণ কৰিছিল।
জম্মু-কাশ্মীৰৰ মন্ত্ৰী জাভেদ আহমেদ ৰাণাই তেওঁক আদৰণি জনাই তেওঁৰ এক্স হেণ্ডেলত লিখিছে, “পুঞ্চলৈ ৰাহুলৰ আগমণ।” আমি তেওঁক আদৰণি জনাইছো। এই কঠিন সময়ত তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ওচৰত থিয় দিছে ,তাৰ বাবে আমি কৃতজ্ঞ।”