Guwahati High Court Judgment: হাতকেৰেয়া পিন্ধালে: পাঁচ লাখ ক্ষতিপূৰণৰ নিৰ্দেশ আৰক্ষীৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ghc

Guwahati High Court Judgment:

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতিক বৰুৱাক হাতকেৰেয়া লগোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰাৰ মাজতে এজন অধিবক্তাক বেআইনীভাবে হাতকেৰেয়া লগোৱাৰ এক গোচৰত অসম আৰক্ষীক পাঁচ লাখ টকাৰ জৰিমনা আদায়ৰ নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

ADVERTISEMENT

উল্লেখ্য যে প্রাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত হাতকেৰেয়া লগোৱাক লৈ ৰাজ্যজুৰি প্রতিক্রিয়া সৃষ্টি হৈ আছে। এনে অৱস্থাতে উচ্চ ন্যায়ালয়ে অসম আৰক্ষীলৈ এই নির্দেশ জাৰি কৰিছে।
উল্লেখ্য যে ২০১৬ৰ পাঁচ অক্টোবৰত মহম্মদ ফাইজুল হক নামৰ এজন গৃহৰক্ষীয়ে ছাবাহ অল জাৰিদ নামৰ এজন অধিবক্তাৰ বিৰুদ্ধে গাড়ী পার্কিঙক লৈ অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক এজাহাৰ দাখিল কৰে। অধিবক্তাজনেও শাৰীৰিক-মানসিক আতিশয্য চলোৱাৰ লগতে তেওঁৰ হাতৰ পৰা নগদ ১০ হেজাৰ টকা থকা এখন মোনা কাঢ়ি নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি গৃহৰক্ষীজনৰ বিৰুদ্ধে প্রতি এজাহাৰ দাখিল কৰে।

অৱশ্যে এজাহাৰ দাখিলৰ পাছতে অধিবক্তা জাৰিদে স্বেচ্ছাই গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাত আত্মসমর্পণ কৰে। তদন্তত সহযোগিতা আগবঢ়োৱা সত্ত্বেও আৰক্ষীয়ে তেওঁক পাণবজাৰ থানাত আটক কৰাৰ লগতে হাতকেৰেয়া লগাই তেওঁক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। তদুপৰি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰলৈ তেওঁক নিয়াৰ সময়তো তেওঁৰ হাতত হাতকেৰেয়া পিন্ধাই ৰখা হয়। আৰক্ষীৰ এই কাৰ্যক লৈ উচ্চ ন্যায়ালয়ে তীব্র অসন্তুষ্টি প্রকাশ কৰে।

এই সম্পৰ্কীয় ৰায়ত ন্যায়াধীশ দেৱাশীষ পীঠে কয় যে দণ্ডাধীশৰ অনুমতি অবিহনে এজন অধিবক্তাক হাতকেৰেয়া পিন্ধোৱাটো মানৱ মর্যাদা আৰু পেছাগত সম্মান উলংঘা। উল্লেখ্য যে ১৯৭৮৩ সুনীল বাট্টা বনাম দিল্লী প্রশাসন আৰু ১৯৮০ৰ শংকৰ শুক্লা বনাম দিল্লী প্রশাসন গোচৰত উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়দান কৰি অভিযুক্তৰ পলায়ন বা হিংসাৰ সৃষ্টিৰ দৰে চৰম পৰিস্থিতিৰ আশংকা নাথাকিলে ধৃতক হাতকেৰেয়া লগোৱাত প্রতিবন্ধকতা আৰোপ কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ প্ৰসংগও অধিবক্তা জাৰিদৰ প্ৰসংগত উল্লেখ কৰে। ন্যায়ালয়ে উল্লেখ কৰে যে অধিবক্তাজনক গ্রেপ্তাৰ আৰু সমসাময়িক জিম্মাৰ কালছোৱাত আৰক্ষীয়ে হাতকেৰেয়া লগোৱা কাৰ্যই ভাৰতীয় সংবিধানৰ ২১ অনুচ্ছেদে প্রদান কৰা মৌলিক অধিকাৰ উলংঘা কৰে।

Exit mobile version