Guwahati Traffic Police:
অতীত হ’ব গুৱাহাটী যান-বাহন আৰক্ষীৰ আকাশী ৰঙৰ পোছাক ৷ যান-বাহন আৰক্ষীয়ে আকাশী ৰঙৰ পৰিৱৰ্তে পিন্ধিব লাগিব পূৰ্বৰ বগা ৰঙৰ পোছাক ৷ বগা ৰঙৰ পোছাক পিন্ধিব লাগিব ১৭ জুনৰ পৰা ৷ ইতিমধ্যে এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী প্ৰশাসনে ৷
ADVERTISEMENT
উল্লেখ্য যে গুৱাহাটী যান-বাহন আৰক্ষীৰ পোচাক অসমৰ আন আন জিলাৰ যান-বাহন আৰক্ষীৰ দৰে বগা ৰঙৰ আছিল যদিও তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাৰ্যকালত গুৱাহাটী ট্ৰেফিক পুলিচৰ পোছাক বগাৰ পৰিৱৰ্তে কৰা হৈছিল আকাশী ৰঙ ৷ সেই সময়ত ইয়াকে লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷