CRPF:
ADVERTISEMENT
পাকিস্তানলৈ চোৰাং তথ্য সৰবৰাহ!
CRPF: এইবাৰ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উঠিল এজন চি আৰ পি এফ জোৱানৰ বিৰুদ্ধে ! তথ্য অনুসৰি, জোৱানজনে দেশখনৰ নিৰাপত্তা আৰু সুৰক্ষা সম্পৰ্কীয় কেবাটাও গোপন তথ্য পাকিস্তানী চোৰাংচোৱাৰ হাতত তুলি দিছিল।
বিগত দুবছৰ ধৰি তেওঁ চোৰাংচোৱাগিৰি কৰি আহিছে। অৱশেষত সোমবাৰে এন আই এয়ে দিল্লীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।
সোমবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই এক বিবৃতি প্ৰকাশ কৰি কয় যে, ২০২৩ চনৰ পৰাই চি আৰ পি এফৰ জোৱান মতি ৰাম জাটে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰি আহিছে।






























