Maoist: মাওবাদীমুক্ত ভাৰতৰ লক্ষ্যত নিৰাপত্তাৰক্ষীৰ বাবে আন এক বৃহৎ সফলতা। ঝাৰখণ্ডৰ লাতেহাৰ জিলাৰ পালামৌৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত হয় আন এজন মাওবাদী সেনাপতি।
যাৰ মূৰৰ মূল্য আছিল পাঁচ লাখ টকা। সোমবাৰে এই তথ্য ৰাজহুৱা কৰে পালামাউৰ ডি আই জিয়ে।এই অভিযানত গ্ৰেপ্তাৰ কৰা হয় আন এজন মাওবাদী কমাণ্ডাৰক।
পালামাউৰ উপ-মহাপৰিদৰ্শক ৱাই এছ ৰমেশে সাংবাদিকৰ আগত জনাই যে, দেওবাৰে নিশা মহুৱাদাৰ থানা এলেকাত এই অভিযান সংঘটিত হয়।
দৌনা বনাঞ্চলৰ আগুৰি থকা অঞ্চলটোত মাওবাদী আত্মগোপন কৰি থকাৰ খবৰ পোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰা হয়।
পিছুৱাই যাবলৈ ঠাই নোহোৱাত মাওবাদীয়ে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ ধৰিলে। সেনাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
দুয়োপক্ষৰ মাজত দীৰ্ঘসময় ধৰি বন্দুকৰ যুঁজৰ অন্তত নিহত হয় মনীষ যাদৱ নামৰ এজন মাওবাদী। যাৰ মূৰৰ মূল্য আছিল পাঁচ লাখ টকা। ইয়াৰ সমান্তৰালকৈ কুন্দন খেদৱাৰ নামৰ আন এজন মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে।
বিগত তিনি দিনত ঝাৰখণ্ডত তিনিগৰাকী শীৰ্ষ মাওবাদী নেতাৰ মৃত্যু হৈছে। এই তালিকাত আছে মাওবাদী নেতা পাপ্পু লোহৰা। এই পাপ্পু ঝাৰখণ্ডৰ জনমুক্তি পৰিষদৰ মুৰব্বী। যাৰ মূৰৰ দাম আছিল ১০ লাখ টকা। ঝাৰখণ্ডৰ সমান্তৰালকৈ নিৰাপত্তা বাহিনীয়েও চত্তীশগড়ত ৰঙা সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ ব্যাপক অভিযান আৰম্ভ কৰিছে।
উল্লেখ্য যে,গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদী মুক্ত ভাৰত গঢ়ি তোলাৰ বাৰ্তা প্ৰদান কৰিছে।
তেতিয়াৰ পৰা মাওবাদী বিৰোধী অভিযানে চত্তীশগড়, ঝাৰখণ্ডৰ দৰে মাওবাদী বিধ্বস্ত ৰাজ্যত গতি লাভ কৰিছে।






























