Bijni :
প্ৰহসনত পৰিণত হৈছে জল জীৱন মিছন।কোটি টকা ব্যয় সাপেক্ষে আটক ধুনীয়া পানী যোগান আঁচনি নিৰ্মাণ কৰাৰ পাছতো ডেৰ কিলোমিটাৰ পথ বাটকুৰি বা’ই পানী আনি নিজৰ জীৱনৰ লগতে জীৱ-জন্তুৰ তৃষ্ণা নিবাৰণ কৰিব লগীয়া হৈছে চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ১ নং দক্ষিণ মাক্ৰা অঞ্চলত।
এই সংক্ৰান্তত স্থানীয় লোকে জানিব দিয়া অনুসৰি তুলনামূলকভাৱে ওখ ঠাই হোৱা হেতুকে কুঁৱা বা দমকলৰ পানী শুকাই যোৱাৰ বাবে পানীৰ অভাৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে উক্ত অঞ্চলত।১ নং দক্ষিণ মাক্ৰাত ফৰেষ্ট গেম, ২ নং মিয়াপাৰা আৰু বাঙালী পাৰা নামেৰে জল জীৱন মিছনৰ এটা পানী যোগান আঁচনি আছে যদিও ডেৰমাহ ধৰি পানী যোগান ব্যৱস্থা বন্ধ হৈ আছে।
এইক্ষেত্ৰত পানী যোগান আঁচনিটোৰ জলমিত্ৰ গৰাকীয়ে জানিব দিয়া অনুসৰি বিদ্যুৎ বিভাগত ৩০’৬০০/- টকাৰ অনাদায় বিল থকাৰ বাবে বন্ধ হৈ পৰিছে আঁচনিটোৰ স্মাৰ্ট মিটাৰ।ইফালে বিভাগীয় কৰ্তৃপক্ষই ৰাইজৰ সমস্যাক আওকাণ কৰি ডেৰমাহে ৰিচাৰ্জ নকৰি বন্ধ কৰি ৰখাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোক।এন পৰিপ্ৰেক্ষিতত এটুপি খোৱা পানীৰ বাবে কোনোবাই ঠেলাৰে, কোনোবাই চাইকেলৰে, কোনোবাই ই-ৰিক্সাত আৰু আন একাংশ মহিলাই কাষত কলহ লৈ দেৰ কিলোমিটাৰ পথ বাটকুৰি বা’ই পানী আনি জীৱন নিৰ্বাহ কৰি আছে।
ইয়াৰ মাজতে ৩ নং দংশিয়াপাৰাৰ এগৰাকী মুছলমান সম্প্ৰদায়ৰ হৃদয়বান লোকে নিজৰ ঘৰত ব্যৱহৃত মটৰৰে ডেৰমাহে ৰাইজক পানী যোগান ধৰি সমন্বয় আৰু মানৱতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।সেয়ে স্থানীয় ভুক্তভোগী ৰাইজে পানী যোগান আঁচনিটো কাৰ্যক্ষম কৰি অতি সোনকালে পানী যোগান ধৰাৰ বাবে দাবী উত্থাপন কৰিছে।আনহাতে একাংশ ক্ষোভিত জনতাই হয় পানী দিয়ক নহলে বুলডোজাৰ লগাই জল জীৱন মিছনৰ আঁচনি ভাঙি দিয়ক বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে।






























