APCC New President Gaurav Gogoi :
সকলো জল্পনা কল্পনা অন্ত পেলাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্ত কৰা হ’ল যোৰহাট সাংসদ গৌৰৱ গগৈক ৷ আনহাতে অপসাৰিত ভূপেন বৰাক নিৰ্বাচনী প্ৰচাৰাভিযান অধ্যক্ষৰ দায়িত্ব দিয়া হয় ৷
ADVERTISEMENT
আনহাতে তিনিগৰাকী কাৰ্যকৰী সভাপতি হিচাপেও দায়িত্ব দিয়া হয় ৷ বিধায়কদ্বয় জাকিৰ হুছেইন সিকদাৰ,প্ৰদীপ সৰকাৰ আৰু ৰৌজলীনা তিৰ্কী ৷ সোমবাৰে এআইচিচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক এছ বেনুগোপাল স্বাক্ষৰিত এক নিৰ্দেশনাযোগে এই দায়িত্ব অৰ্পণ কৰা হয় ৷