Majuli Bjp:
বিজেপিৰ অভেদ্য দুৰ্গৰূপে পৰিচিত মাজুলী জিলা বিজেপিত পদত্যাগৰ জোৱাৰ ৷ জিলা বিজেপিৰ উপ- সভাপতি প্ৰতাপ বৰুৱাই দলৰ পৰা কৰিলে পদত্যাগ। ইতিমধ্যে সামাজিক মাধ্যমত এই কথা জনালে বৰুৱাই ৷
ADVERTISEMENT
কি কাৰণত বৰুৱাই হঠাতে পদত্যাগ কৰিলে এই সন্দৰ্ভত জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে বিগত সংসদীয় নিৰ্বাচনত মাজুলীত মুখথেকেচা খাইছিল বিজেপিয়ে ৷ সমষ্টিটোৰ পৰা অধিক ভোট লাভ কৰিছিল কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৷ বেকফুটত আছিল বিজেপি ৷কিন্ত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ৰাজকীয় উদ্থান হয় ৷ কংগ্ৰেছক বেকফুটত ৰাখি বিশাল বিজয় লাভ কৰে শাসনাধিষ্ঠ দলটোৱে ৷