Uttarakhand:চক্ৰতা টাইগাৰ জলপ্ৰপাত উত্তৰাখণ্ডৰ অন্যতম জনপ্ৰিয় পৰ্যটন স্থলী। প্ৰতি বছৰে ইয়ালৈ বহু পৰ্যটকৰ আগমণ ঘটে। সোমবাৰেও এই জলপ্ৰপাতটোত একেধৰণৰে পৰ্যটকৰ ভিৰ ।
জলপ্ৰপাতটোৰ তলত গা ধুই আছিল পৰ্যটকে। তেনেতে লাগিল অথন্তৰ। হঠাৎ পাহাৰৰ ওপৰৰ পৰা বাগৰি পৰিল এডাল প্ৰকাণ্ড গছ। গছ পৰাৰ ফলত মৃত্যু মুখত পৰে গা ধুই থকা দুজন পৰ্যটক। ঘটনাটোত আহত হৈ তিনিজন লোক।
সোমবাৰে বিয়লি সংঘটিত হয় এই ঘটনা। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, আকাশ পৰিষ্কাৰ আছিল, বৰষুণ বা ধুমুহাৰো নাছিল সম্ভাৱনা। জলপ্ৰপাতটোৰ তলত বহুতে গা ধোঁৱাত মগ্ন আছিল পৰ্যটক । হঠাৎ এটা ডাঙৰ শব্দ হয় আৰু তাৰ পাছতে চিঞৰ-বাখৰৰ শব্দ।
সেই সময়লৈকে বাকী পৰ্যটকসকলে ভয়তে দৌৰিবলৈ আৰম্ভ কৰে। কি বিপদ সংঘটিত হৈছে তেতিয়ালৈকে কোনেও বুজি পোৱা নাছিল।
অৱশ্যে দুই এজন পৰ্যটকে চিঞৰ বাখৰ কৰে , গছৰ তলত ডুব গৈছে বহুতো পৰ্যটক। একাংশ পৰ্যটকে তেওঁলোকক উদ্ধাৰৰ চেষ্টা চলাই।
যদিও গছজোপা যঠেষ্ট ডাঙৰ হোৱাৰ বাবে তেওঁলোকে লৰচৰ কৰিব নোৱাৰিলে। আৰক্ষী আৰু স্থানীয় প্ৰশাসনক অৱগত কৰা হয়। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল।
আৰক্ষীৰ সূত্ৰ অনুসৰি গছ কাটি তাৰ তলৰ পৰা উদ্ধাৰ হৈছে দুজন লোকৰ মৃতদেহ। নিহত দুজন হ’ল দিল্লীৰ সহদৰা নিবাসী অলকা আনন্দ (৫৫) আৰু চক্ৰতাৰ বাসিন্দা গীতৰাম যোশী (৪৮)। দুয়োজনে গছৰ তলত চেপা খাই পৰিছিল । আহত হয় আন তিনিজন পৰ্যটক ।
পৰ্যটনস্থলী পৰিদৰ্শন কৰা একাংশ পৰ্যটকে আগতে কেতিয়াও এনে ঘটনা সংঘটিত হোৱাৰ নাই বুলি উল্লেখ কৰে ।
অৱশ্যে এনে দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে। পৰ্যটকসকলক এতিয়াৰ বাবে অঞ্চলটো পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কেৱল সেয়াই নহয়, জলপ্ৰপাতটোৰ অতি ওচৰলৈ যোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে পৰ্যটকক।