Guwahati Theft:মহানগৰীত চুৰি সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান

chand 1

Guwahati Theft:

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ চাফাই অভিযান ৷ সন্ধিয়া হ’লেও যেন বৃদ্ধি পাই চোৰৰ টিঘিলঘিলনী ৷ অলিয়ে গলিয়ে বসবাস কৰা লোকসকল হৈ পৰে ত্ৰস্তমান ৷

ইয়াৰ মাজতে আৰক্ষীয়েও চোৰৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ বিভিন্ন সময়ত আৰক্ষীয়ে পাই থকা অভিযোগৰ ভিত্তিত চানমাৰী আৰক্ষীয়ে মালিগাঁৱৰ এটা ডেম্পত অভিযান চলাই ডেম্পটোৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ চুৰি কাঁহ-পিতলৰ সামগ্ৰী লগতে কপাৰ তাঁৰ ৷ জব্দকৃত সামগ্ৰী খিনিৰ মূল্য কেইবা লক্ষাধিক টকা বুলি সদৰি কৰে আৰক্ষীয়ে | আনহাতে ডেম্পটোৰ মালিক বিনোদ ৰায় আৰু নূৰ আলমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

Exit mobile version