ULFA(l):অসমীয়া এটা আলস্য জাতিত পৰিণত হৈছে! উদ্বেগ প্রকাশ আলফা (স্বা)ৰ

paresh

ULFA(l):

অসমীয়া জাতিয়ে নিজৰ দোষত তথা পৰনিৰ্ভৰশীলতাৰ পৰিণতিত ব্যৱসায়-বাণিজ্যত পিছ পৰি ৰোৱা বুলি গভীৰ উদ্বেগ প্রকাশ কৰিছে আলফা (স্বাধীন)ই। জাতিটোক উদ্ধাৰৰ পথ দেখুৱাবলৈ তেজপুৰত অহা ৩০ মে’ত অনুষ্ঠিত হ’বলগীয়া অসম বাণিজ্য দিৱসত সকলোকে সহযোগিতা আগবঢ়াবলৈ সংগঠনটোৱেএক বিবৃতিৰ জৰিয়তে আহ্বান জনায়। সংগঠনটোৱে কয়, ‘অর্থনীতি একোটা জাতিৰ বাবে এক চালিকা শক্তি, যাৰ দ্বাৰা জাতিটোৰ উন্নতি, বিকাশ আৰু সমৃদ্ধিৰ পথ প্রস্তুত হয়। কৃষি, শিল্প আৰু বাণিজ্য এটা জাতিৰ উত্তৰণৰ বাবে অপৰিহাৰ্য।

ADVERTISEMENT

জাতি এটাৰ অৰ্থনৈতিক ভেটিৰ পৰিকাঠামো তৈয়াৰ হয় কৃষি, শিল্প আৰু বাণিজ্যৰ যোগেদি। ইয়ে জাতিটোৰ উৎপাদনশীলতা, সম্পদৰ ব্যৱহাৰ, বিনিয়োগ আৰু বাণিজ্যৰ দৰে দিশবোৰ নিয়ন্ত্রণ কৰে। জাতি এটাৰ সামগ্রিক উন্নতিৰ বাবে এয়া প্রয়োজনীয়। অথচ ঊনবিংশ শতিকাতে বাণিজ্যিক চেতনালব্ধ ভোলানাথ বৰুৱা, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আছিল একো একোজন কিংবদন্তি থলগিৰী মুদৈ।

বিবৃতিটোত লগতে এইবুলিও উল্লেখ কৰা হৈছে যে ১৯২৩ৰ ৩০ মে’ত মুদৈ ভোলানাথ বৰুৱাৰ দেহাৱসান ঘটে। তাৰ লগত সংগতি ৰাখি ৩০ মে’ৰ দিনটো তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই বাণিজ্য দিবসৰূপে উদ্যাপন কৰিব। বিগত ২০১৯ৰ পৰা সভাই এই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে অনুষ্ঠানৰ সফলতা আৰু ৰাইজৰ এইক্ষেত্ৰত সহায়-সহযোগিতা কামনা কৰে আলফা (স্বা)ই৷

সংগঠনটোৱে পুনৰ বিবৃতিটোত উল্লেখ কৰে এনেদৰে, ‘এসময়ত খলগিৰীৰ নাছিল কি? ঘৰতে মাছ-কাছ, বাৰীৰ শাক-পাচলি, গড়ালৰ হাঁহ-কুকুৰা-ছাগলী, পথাৰৰ ধানেৰে উভৈনদী হৈ থকা জাতিটো এতিয়া উৎপাদনহীন হৈ পৰিল। ঔপনিৱেশিক ভাৰতীয় নব্য উদাৰতাবাদী বজাৰ অর্থনীতি, ভোগবাদ, বৃহৎ পুঁজিবাদ আৰু পুঁজিবাদবে পৰিচালিত কৰা ৰাজনীতিৰ মেৰপেছত লাহে লাহে সকলো হেৰুৱাই পেলোৱাৰ অভ্যাস আৰম্ভ হ’ল গলগিৰী জাতিৰ মাজত।

তাহানিতে আমাৰ জাতিৰ পুৰোধাসকলে সকীয়াই যোৱাৰ পাছতো আজি থলগিৰীৰ হাতত পথাৰ নাই, ব্যৱসায়-বাণিজ্য কিম্বা কল-কাৰখানা তথা উদ্যোগ নাই। পুঁজিবাদ, ভোগবাদ, বজাৰ অৰ্থনীতি আৰু ৰাজনীতিয়ে এটা আলস্য জাতিলৈ পৰিণত কৰিছে জাতিটোক। যাৰ ফলত জাতিটো আজি ধ্বংসৰ গৰাহত। জাতিটোৰ এনে কৰাল সন্ধিক্ষণত নৱপ্ৰজন্মই মুদৈ ভোলানাথ বৰুৱাৰ বাণিজ্যিক আদৰ্শক সৰোগত কৰি আগবাঢ়িব লাগিব।

Exit mobile version