Himanta Biswa Sarma : খিলঞ্জীয়া সুৰক্ষাৰ বাবে ধুবুৰী, নগাঁও, বৰপেটাৰ খিলঞ্জীয়া লোক সকলে কৰিব পাৰিব আবেদন
বুধবাৰে জনতা ভৱনৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় কেবিনেট বৈঠক৷ বৈঠকৰ অন্তত কেবিনেট সিদ্ধান্ত সমূহ সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷
আন কেতবোৰ সিদ্ধান্তৰ মাজতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰি কৰি কয় ,খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে চৰকাৰে দিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ | ধুবুৰী, নগাঁও, বৰপেটাত বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা সকলক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত লোৱা হয় ৷ অৱশ্যে চৰকাৰে বন্দুক কিনি নিদিয়ে ৷
নিজৰ সুৰক্ষাৰ বাবে কোনোবাই যদি বন্দুক কিনিবলৈ ইচ্ছা প্ৰকাশ কৰে তেন্তে চৰকাৰে তেওঁলোকক চৰকাৰে দিব মাৰণাস্ত্ৰ ৷
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে , নগাঁও জিলাৰ ধিং-ৰূপহী আৰু মংগলদৈৰ দৰে অঞ্চলৰ খিলঞ্জীয়া ৰাইজেও মাৰণাস্ত্ৰৰ বাবে কৰিব পাৰিব আবেদন ৷ এনেধৰণৰ পদক্ষেপ পূৰ্বতে কোনো চৰকাৰে ল’বলৈ সাহস কৰা নাছিল যদিও জাতি,মাটি,ভেটিৰ সুৰক্ষাৰ শ্ল’গানেৰে ৰাজ্য শাসনলৈ অহা বিজেপি চৰকাৰে সাহসৰে এই সিদ্ধান্ত লয় ৷ মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰি কয়,অসমীয়াৰ স্বাৰ্থত সদায় অৱস্থান কৰি যাব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ৷