Ministry of Home Affairs:পুনৰ ম’ক ড্ৰিলৰ নিৰ্দেশনা। ভাৰত-পাক সংঘাতৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে সন্ধিয়া পাকিস্তান সীমান্তৰ গুজৰাট, পঞ্জাৱ, ৰাজস্থান, আৰু জম্মু-কাশ্মীৰত ম’ক ড্ৰিলৰ নিৰ্দেশ দিয়া হৈছে।
অপাৰেচন সিন্দূৰৰ পাছত সীমান্তৰ একাধিক স্থানত পাক ৰেঞ্জাৰসকলে আক্ৰমণ চলাইছে।ইফালে সীমান্তৱৰ্তী অঞ্চলত ম’ক ড্ৰিলৰ নিৰ্দেশ দিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে।
ভাৰত-পাক সংঘাতৰ মাজতে বিগত সাত মে’ত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ ২৭খন ৰাজ্য আৰু আঠটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ২৫৯টা স্থানত ম’ক ড্ৰিলৰ নিৰ্দেশ জাৰি কৰিছিল।
ইফালে ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ন’টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিবলৈ অপাৰেচন সিন্দুৰ আৰম্ভ কৰে। ইয়াৰ মাজতে আজি পুনৰ পাকিস্তানৰ সীমান্তৱৰ্তী চাৰিখন ৰাজ্যত ম’ক ড্ৰিলৰ নিৰ্দেশ দিছে গৃহ মন্ত্ৰালয়ে।
শেষবাৰৰ ম’ক ড্ৰিলত সাধাৰণ মানুহক যুদ্ধৰ পৰিস্থিতিত একাধিক সতৰ্কতামূলক বিষয়ে প্ৰশিক্ষণ দিয়া হৈছিল। হঠাতে বিমান আক্ৰমণৰ ছাইৰেন বাজিলে কি কৰা উচিত?
যুদ্ধকালীন পৰিৱেশত ব্লেকআউট হ’লে কি কৰিব?সাধাৰণ নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলক জৰুৰীকালীন পৰিস্থিতিত কেনেকৈ নিজকে সুৰক্ষিত কৰিব পাৰি সেই বিষয়ে প্ৰশিক্ষণ দিয়া হয়। ১৯৭১ চনৰ যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে সাধাৰণ জনতাক এনে যুদ্ধৰ অনুশীলন দিয়া হৈছিল।
অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানে ভাৰতৰ কেবাখনো চহৰ আৰু ধৰ্মীয় স্থানক লক্ষ্য কৰি ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলাইছিল।
কিন্তু ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে পাকিস্তানৰ এই প্ৰচেষ্টা বিফল হয়। শেহতীয়াকৈ অমিত শ্বাহৰ মন্ত্ৰালয়ে মধ্য পাকিস্তানৰ সীমান্তৱৰ্তী চাৰিখন ৰাজ্যত যুদ্ধ অনুশীলনৰ নিৰ্দেশ দিয়ে।