Jammu and Kashmir: কাশ্মীৰত কূটনৈতিক ষড়যন্ত্ৰ বিফল। শ্বোপিয়ান জিলাত অভিযান চলাই দুই উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিলে সেনা আৰু আৰক্ষীৰ যৌথবাহিনীয়ে। তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ ।
শেহতীয়াকৈ ভাৰত-পাক উত্তেজনাৰ মাজতে নিৰাপত্তাৰক্ষীৰ লগতে দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ আৰু অস্ত্ৰ উদ্ধাৰ এক বৃহৎ সফলতা।
জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্ৰ অনুসৰি আজি শ্বোপিয়ান জিলাৰ বাস্কুচান ইমাম চাহাবত ৪৪ ৰাষ্ট্ৰীয় ৰাইফলছ, চি আৰ পি এফৰ ১৭৮ নং বেটেলিয়ন আৰু আৰক্ষীয়ে যৌথ অভিযান চলায়।
উগ্ৰপন্থী দুজনৰ পৰা দুটা এ কে ৫৬ ৰাইফল, চাৰিটা মেগজিন, ১০২ জাঁই গুলী আৰু এটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে।
উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ আবাহত দেশত সন্ত্ৰাসবাদ বিৰোধী অভিযানে গতি লাভ কৰিছে।
বিগত কেইসপ্তাহমানত সেনা, চি আৰ পি এফ, আৰু আৰক্ষীয়ে উপত্যকাৰ কেবাখনো জিলাত অভিযান চলাই উগ্ৰপন্থীক নিৰ্মূল কৰিছে।