Balochistan:পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ দুৰ্ঘটনা। দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ। কমেও পাঁচ জন লোকৰ মৃত্যু। আহত আৰু ২৭ জন। অব্যাহত আছে উদ্ধাৰৰ অভিযান।
বোলান-কুৱেটা ঘাইপথৰ হাজী টাউনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। প্ৰথম অৱস্থাত উদ্ধাৰ কাৰ্যত অংশ লৈছিল স্থানীয় ৰাইজে ।
পাছত এই খবৰ পোৱাৰ লগে লগে স্থানীয় প্ৰশাসনৰ বিষয়াসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে পুৱা বাছখন ছাদিকাবাদৰ পৰা কুৱেটালৈ গৈছিল। বোলান-কুৱেটা ঘাইপথৰ সমীপৰ পাহাৰীয়া পথত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে বাছখন।
আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি আহত সকলক তাত চিকিৎসাধীন হৈ আছে। অৱশ্যে স্থানীয় সূত্ৰই জনোৱা মতে, উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে।
এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি, এতিয়ালৈকে ২৭ জন যাত্ৰীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। চাৰিজনৰ থিতাতে মৃত্যু হৈছে। চিকিৎসালয়লৈ যোৱাৰ পথত আন এজন যাত্ৰীৰ মৃত্যু হৈছে।
উল্লেখ্য যে, মেডিকেল ইমাৰ্জেন্সি ৰেচপন্স চেণ্টাৰৰ মতে, পাকিস্তানৰ ভিতৰতে সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে বেলুচিস্তানত। ২০২৪ চনত প্ৰদেশখনৰ বিভিন্ন প্ৰান্তত প্ৰায় ২০ হেজাৰ দুৰ্ঘটনাত ৪৫০ জন লোকৰ মৃত্যু হৈছিল।






























