Philippines: এতিয়াৰ পৰা ভিছা অবিহনে ফিলিপাইন্স ভ্রমণ কৰিব পাৰিব ভাৰতীয়ই। এই সিদ্ধান্ত গ্রহণ কৰিলে ফিলিপাইন্স চৰকাৰে।
মনোৰম পৰিবেশ, আগ্নেয়গিৰি, সমুদ্র, বালিৰ সমুদ্র তীৰ- এনে দৃশ্য উপভোগ কৰিবলৈ আৰু ছুটী অতিবাহিত কৰিবলৈ বহু ভাৰতীয়ই ফিলিপাইন্স ভ্রমণ কৰি আহিছে।
নতুন দিল্লীস্থিত ফিলিপাইন্সৰ দূতাবাসে সদৰী কৰা অনুসৰি, কিছুদিনৰ বাবে দুটি বিশেষ বিভাগৰ অধীনত ভিছা অবিহনে দূতাবাসে সদৰা ভাৰতীয়সকলে ফিলিপাইন্স ভ্ৰমণ কৰিব পাৰিব।
চলিত মে’ৰ পৰাই ভাৰতীয় নাগৰিকে যোগ্যতাৰ আধাৰত ভিছা সংগ্রহ নকৰাকৈ ভ্ৰমণার্থে ফিলিপাইন্সলৈ যাব পাৰিব।
প্রথম সুবিধা অধীনত ভিছা অবিহনে ভাৰতীয়ই ১৪ দিন ফিলিপাইন্স ভ্রমণ কৰিব পাৰিব। অৱশ্যে ভ্রমণ – কৰিব বিচৰা ভাৰতৰ ছমাহৰ বৈধ পাৰপত্ৰ থাকিব লাগিব। আন এটি ব্যৱস্থাৰ অধীনত – ফিলিপাইন্সত ৩০ দিনৰ বাবে ভিছা অবিহনে ভাৰতীয়ই প্ৰৱেশ কৰিব পাৰিব।






























