Elon Musk:আমেৰিকা প্ৰশাসনৰ শীৰ্ষ উপদেষ্টা হিচাপে পদত্যাগ কৰিছে টেছলাৰ মুৰব্বী ইলন মাস্কে। আমেৰিকা প্ৰশাসনৰ DOGE- ৰ শীৰ্ষ পদ ত্যাগ কৰিলে মাস্কে। অৱশ্যে এই পদত তেওঁৰ কাৰ্যকাল আছিল ৩০ মে’ পৰ্যন্ত ।
এদিন পূৰ্বেই ‘বন্ধু’ ট্ৰাম্পৰ প্ৰশাসন ত্যাগ কৰিলে মাস্কে । ছ’চিয়েল মিডিয়াত এই কথা নিজেই সদৰি কৰিলে টেছলাৰ মুৰব্বীগৰাকীয়ে।
তেওঁ টুইট কৰি জনাইছে,” “আমেৰিকা চৰকাৰৰ বিশেষ কৰ্মচাৰী হিচাপে মোৰ সময় শেষ হৈছে। অপচয়কাৰী চৰকাৰী ব্যয় হ্ৰাস কৰাৰ সুযোগ দিয়াৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ধন্যবাদ জনাইছো। সময়ৰ লগে লগে DOGE-ৰ লক্ষ্য আৰু শক্তিশালী হ’ব।”
বিগত জানুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ট্ৰাম্পে ইলন মাস্কক নিজৰ নতুন প্ৰশাসনত যোগ দিয়ে।
তেওঁক নৱগঠিত ‘চৰকাৰী দক্ষতা বিভাগ’ৰ দায়িত্ব দিয়া হৈছিল।(Department Of Government Efficiency) ট্ৰাম্প প্ৰশাসনৰ অন্যতম এক উদ্যোগ DOGE। এই বিভাগটোৱে আমেৰিকাৰ চৰকাৰী সংস্থাসমূহৰ আমূল সংস্কাৰ আৰু খৰচ হ্ৰাসৰ বাবে দায়বদ্ধ।
উল্লেখ্য যে, মাস্কক ১৩০ দিনৰ বাবে আমেৰিকা প্ৰশাসনৰ বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। অৱশ্যে ১৩০ দিনৰ সময়সীমা শুকুৰবাৰে শেষ হোৱাৰ কথা। যদিও সেই সময়সীমা বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে ট্ৰাম্পে। মাস্কেও সেই সময় সীমাৰ এদিন পূৰ্বেই পদত্যাগ কৰিছে ।