Guwahati High Court:
বোমাতংক গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ ভাবুকি ভৰা ই-মেইল ৰ জৰিয়তে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ ৷ ইয়াৰ পিছতে সদাব্যস্ত ন্যায়ালয় চৌহদত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷
ADVERTISEMENT
উচ্চ ন্যায়ালয় কৰ্তৃপক্ষই তৎক্ষণাত আৰক্ষীৰ দৃষ্টিগোচৰ কৰে ৷ ইয়াৰ পিছতে গুৱাহাটী আৰক্ষীৰ বোমা বিশেষজ্ঞ দল উপস্থিত হৈ তন্নতন্নকৈ পৰীক্ষা কৰে ন্যায়ালয় চৌহদ ৷ অৱশ্যে বোমাৰ কোনো শুংসূত্ৰ নোলাল ৷ কোনো দুৰ্বৃত্তই ভীতিগ্ৰস্ত কৰিবৰ বাবে এইদৰে ই-মেইল প্ৰেৰণ কৰিছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে বোমাতংকৰ বাবে কিছু সময়ৰ বাবে ন্যায়ালয়ৰ কামকাজ বন্ধ থাকিবলগীয়া হয় ৷ আনহাতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷