NHPC Workers Pressmeet:
নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ সংবাদমেল ৷ গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এনএইছপিচিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ এনএইছপিচি ঠিকাভিত্তিক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ৰাণা বৰাই কয়,আমি প্ৰায় ৩০০ ঠিকাভিত্তিক কৰ্মচাৰী এনএইছপিচিৰ প্ৰতাৰণাৰ বলি হৈছোঁ ৷ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও শেহতীয়াকৈ এনএইছপিচিৰ কৰ্তৃপক্ষই এতিয়া আমাক প্ৰৱঞ্চনা কৰিছে ৷
সাধাৰণ সম্পাদক গৰাকীয়ে আৰু কয় যে, এনএইছপিচিয়ে তেওঁলোকক আলোচনাৰ মাধ্যমৰে চাকৰি নিয়মীয়াকৰণৰ আশ্বাস দিছিল৷ আনকি আমাৰ দাবীসমূহ হাৰিয়ানাস্থিত মুখ্য কাৰ্যালয়ত গৈও আমি অৱগত কৰিছিলোঁ ৷ ইয়াৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ লগতে সোনোৱাল চৰকাৰক ,ধেমাজীৰ বিধায়ক আৰু লখিমপুৰৰ সাংসদকো জনোৱা হৈছিল ৷ তদুপৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা এনএইছপিচিলৈ আহোঁতে তেখেতক এনএইছপিচি আৰ্বত্ত ভৱনত সাক্ষাৎ কৰি সবিশেষ অৱগত কৰা হৈছিল ৷ এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰীলৈ দিয়া হৈছিল স্মাৰকপত্ৰ ৷ কিন্ত কোনো সুদত্তৰ পোৱা নগ’ল ৷
সংবাদমেলত সাধাৰণ সম্পাদক গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয়,২৬২ জন কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ’ব আৰু ইয়াৰ বাবে জগৰীয়া হ’ব এনএইছপিচি ৷ তেওঁ আৰু কয়,২০০৬ চনত লখিমপুৰ শ্ৰম বিভাগৰ কাৰ্যালয়ত তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত লখিমপুৰ জিলা প্ৰশাসনৰ তত্ত্বাৱধানত এনএইছপিচিৰে সন্থাৰ হৈছিল দ্বিপাক্ষিক চুক্তি ৷ উল্লিখিত চুক্তি অনুযায়ী আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগিছিল ৷ কিন্তু আজিলৈ নকৰিলে চাকৰিৰ নিয়ামীয়াকৰণ ৷
উল্লেখ্য যে এনএইছপিচিত আমাৰ ২৬২ জন ঠিকাভিত্তিক কৰ্মচাৰীৰ ভিতৰত আছে ড্ৰাইভাৰ,মেকানিক,কম্পিউটাৰ অপাৰেটৰ,লেব’ৰেট’ৰী টেকনিচিয়ান, কুকমেন ৷
সাধাৰণ সম্পাদক ৰাণা বৰাই আৰু কয়,বহিৰাগত কোম্পানীয়ে থলুৱাক শোষণ কৰা প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে ৰাজ্যৰ জাতীয় দল সংগঠনে গুৰুত্ব দিবলৈ আহ্বান জনাই ৷ তেওঁ কয়,অচিৰেই যদি এনএইছপিচি কৰ্তৃপক্ষই চাকৰি স্থায়ীকৰণ নকৰিলে আত্মজাহ দিয়াৰ হুংকাৰ দিয়ে ৷ ইয়াৰ বাবে সম্পূৰ্ণ দায়ী হ’ব এনএইছপিচি কৰ্তৃপক্ষ ৷ একেদৰে কমিচনিং হোৱাৰ পূৰ্বে সকলো সমস্যা সমাধান কৰক ৷ অন্যথাই কমিচনিং হোৱাৰ দিনাই ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সকীয়নি দিয়ে ৷






























