‘এনে প্ৰতিশ্ৰুতি কিয় দিয়ে ?’, প্ৰতিৰক্ষা সঁজুলি ডেলিভাৰী পলম হোৱাত বায়ুসেনা প্রধানৰ বিস্ফোৰক মন্তব্য !

IMG 20250530 125847

IAF chief: সময়মতে প্ৰতিৰক্ষা সঁজুলি ডেলিভাৰী নোহোৱাক লৈ ক্ষোভ প্ৰকাশ বায়ুসেনাৰ মুৰব্বী অমৰপ্ৰীত সিঙৰ। প্ৰতিৰক্ষা সঁজুলি উৎপাদনকাৰী চৰকাৰী সংস্থাসমূহক তেওঁৰ প্ৰশ্ন , যি প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে, সেই প্ৰতিশ্ৰুতি কিয় দিয়ে?

বৃহস্পতিবাৰে দিল্লীত এক অনুষ্ঠানত বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয়,”মই অনুমান কৰোঁ,এনে এটা প্ৰকল্প নাই যিটো সময়মতে সম্পূৰ্ণ হৈছে। এই বিষয়ে চোৱাটো প্ৰয়োজন। আমি এনে প্ৰতিশ্ৰুতি কিয় দিও যিটো পূৰণ কৰা সম্ভৱ নহয় ?”

অপেক্ষাৰ সুৰত তেওঁ কয়,”চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত কেতিয়াবা আমি নিশ্চিত থাকো যে,এইটো সময়মতে উপলব্ধ নহ’ব। তথাপিও আমি চুক্তিত স্বাক্ষৰ কৰো।”

বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে লগতে কয়, “আকাশখন শক্তিশালী কৰিব লাগিব। যদি বায়ুসেনা শক্তিশালী নহয় তেন্তে কোনো অভিযান সফল নহ’ব। এই কথা এই অভিযান (অপাৰেচন সিন্দূৰ)ত বুজা গৈছে। আমি কেৱল নিজৰ দেশতে অস্ত্ৰ নিৰ্মাণ কৰাই নহয়, ডিজাইনো কৰিব লাগিব।”

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ স’তে ৪৮ হেজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে এয়াৰ চিফ মাৰ্শ্বালে। এতিয়া স্থগিত আছে ।

অৰ্ডাৰ কৰা ৮৩খন বিমানৰ ভিতৰত প্ৰথমে ২০২৪ চনৰ মাৰ্চ মাহত ডেলিভাৰী আৰম্ভ হোৱাৰ কথা আছিল যদিও সেয়া নহ’ল।

উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তত ভাষণ প্ৰদান কৰাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দূৰৰ সাফল্যক উজ্জ্বল কৰি তুলিবলৈ চেষ্টা কৰিছে।

ইফালে, পহলগাম আক্ৰমণৰ প্ৰতিশোধ লোৱাত ভাৰতক সাহসেৰে সহায় কৰা বায়ুসেনাই এতিয়া অস্ত্ৰ-শস্ত্ৰ যোগানক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

বায়ুসেনাৰ মুৰব্বীগৰাকীৰ এই বক্তব্যই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি মোডী চৰকাৰৰ দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

Exit mobile version