Shashi Tharoor:শশী থাৰুৰৰ দক্ষতাৰ বাবেই দক্ষিণ আমেৰিকাত ভাৰতৰ কূটনৈতিক বিজয়। ভাৰতৰ তীব্ৰ প্ৰতিবাদত অপাৰেচন সিন্দূৰৰ সন্দৰ্ভত পাকিস্তান সমৰ্থক কলম্বিয়াই বিবৃতি প্ৰত্যাহাৰ কৰে।
সূত্ৰৰ দাবী,দক্ষিণ আমেৰিকাৰ দেশখনে অচিৰেই ভাৰতৰ সপক্ষে এক শক্তিশালী বক্তব্য আগবঢ়াব।
দৰাচলতে অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ কাষত থিয় দিয়া নাছিল কলম্বিয়াই। ইয়াৰ বিপৰীতে বগোটাই পাকিস্তানী সমৰ্থক বিবৃতি আগবঢ়ায়। ভাৰতীয় সেনাৰ অভিযানত নিহত পাকিস্তানী নাগৰিকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি দেশখনে এই প্ৰস্তাৱ গ্ৰহণ কৰে।
দক্ষিণ আমেৰিকাৰ দেশখনে পাকিস্তানৰ মাটিত ভাৰতৰ সামৰিক হস্তক্ষেপক লৈও প্ৰশ্ন উত্থাপন কৰে। শশী থাৰুৰৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দলে অপাৰেচন সিন্দূৰ সন্দৰ্ভত ভাৰতৰ স্থিতি ব্যাখ্যা কৰিবলৈ কলম্বিয়াত উপস্থিত হোৱাৰ লগে লগে এই বিষয়ত হতাশা প্ৰকাশ কৰে।
সেই দেশত মাটিত থিয় হৈ কলম্বিয়া চৰকাৰৰ আচৰণত থাৰুৰসকলে মুকলিকৈ হতাশা প্ৰকাশ কৰে। শুকুৰবাৰে কলম্বিয়াৰ ৰাজধানী বগোটাত সাংবাদিকৰ আগত থাৰুৰে কয়,” কলম্বিয়া চৰকাৰৰ সঁহাৰিত আমি হতাশ হৈছো।ভাৰতীয় আক্ৰমণত নিহত পাকিস্তানীসকলৰ বাবে আন্তৰিক শোক প্ৰকাশ কৰে। সন্ত্ৰাসবাদৰ বলি হোৱা সকলৰ বাবে নহয়! আমি কলম্বিয়াত থকা আমাৰ বন্ধুসকলক ক’ব বিচাৰো যে সন্ত্ৰাসবাদ আৰু ইয়াক প্ৰতিহত কৰাসকলক কোনো ধৰণে একত্ৰিত কৰিব নোৱাৰি।কোনোবাই আক্ৰমণ কৰে, কোনোবাই ৰক্ষা কৰে, তেওঁলোকৰ মাজত কোনো সমতা নাই। আমি মাত্ৰ আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰিলোঁ। যদি কৰবাত কোনো ভুল বুজাবুজি হয় তেন্তে আমি ইয়াৰ সমাধানৰ বাবে আছো।”
থাৰুৰৰ এই প্ৰতিবাদৰ পাছত দুয়োখন দেশৰ মাজত কূটনৈতিক পৰ্যায়ত আলোচনা হয়। তাৰ পাছত কলম্বিয়াই নিজৰ পুৰণি বক্তব্য প্ৰত্যাহাৰ কৰে বুলি জনাইছে শশীয়ে । কংগ্ৰেছৰ সাংসদগৰাকীয়ে দাবী কৰে,”কলম্বিয়াই যি বিবৃতিত আমি হতাশ হৈছিলো,সেয়া তেওঁলোকে প্ৰত্যাহাৰ কৰিছে।বোগাটাই অতি সোনকালে ভাৰতৰ সমৰ্থনত নতুন বক্তব্য আগবঢ়াব।”
প্ৰতিনিধি দলটোৰ সদস্য বিজেপি নেতা তৰঞ্জিত তৰণজিৎ সিং সন্ধুৱেও কয় যে ভাৰতীয় প্ৰতিনিধি দলৰ হেঁচাত কলম্বিয়াই নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হৈছে। সমগ্ৰ বিষয়টোক জ্ঞাত মহলে ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক বিজয় হিচাপে লৈছে।






























