Wild Elephant :কৃত্ৰিম বানৰ মাজত মহানগৰীৰ পাঞ্জাবাৰীত বন্যহস্তীৰ উপদ্ৰৱ

elephant 3

Wild Elephant :

অতি বিপজ্জনক দুর্বিষহ কৃত্রিম বানে শুক্ৰবাৰে সমগ্র গুৱাহাটীত সৃষ্টি কৰে অভূতপূর্ব পৰিৱেশ। বৃহস্পতিবাৰে নিশাৰে পৰা হোৱা বৰষুণত গুৱাহাটীৰ অধিকাংশ অঞ্চলেই যি ধৰণে পানীত বুৰ যায় সেয়া পৰিৱেশ নেদেখা বহুতৰ বাবে নিশ্চিতভাৱে অকল্পনীয়। ৰাজপথৰ ঠায়ে ঠায়ে এবুকু পর্যন্ত পানী উঠে।

শুক্ৰবাৰে  মাজনিশাৰ পৰা পুৱা ভাগলৈ বৰষুণ দিয়া নাছিল যদিও দহ বজাৰ পুনৰ অব্যাহত আছে বৰষুণ। আজিও কেতবোৰ অঞ্চল জলমগ্ন হৈ আছে  ৷ অপৰিৱৰ্তিত হৈ আছে পৰিস্থিতি ৷ ইয়াৰ মাজতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে শনিবাৰে পাঞ্জাবাৰী আৰ্মী কেম্পৰ ওচৰত এটা দঁতাল হাতীয়ে কৰে উপদ্ৰৱ

পাঞ্জাবাৰী আৰ্মী কেম্পৰ ওচৰৰ পানীৰ মাজতে হঠাতে উপস্থিত হোৱা গজৰাজে সৃষ্টি কৰে সন্ত্ৰাসৰ ৷ খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে এফালৰ পৰা ভাঙি যায় বাসগৃহ । বন্যহস্তীৰ বাবে আতংকিত হৈ পৰে অঞ্চলবাসী।

Exit mobile version