Char Dham: চাৰধাম যাত্ৰাৰ প্ৰথম মাহতেই ৭৩ জন পুণ্যাৰ্থীৰ মৃত্যু হৈছে বুলি প্ৰকাশ কৰিছে উত্তৰাখণ্ড চৰকাৰে।বিগত ৩০ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে চাৰধাম যাত্ৰা।
উল্লেখ্য যে দুই মে’ত মুকলি কৰা হয় কেদাৰনাথৰ দুৱাৰ । চাৰি মে’ত বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি কৰা হয়।
প্ৰশাসনৰ সূত্ৰ অনুসৰি কেদাৰনাথলৈ যোৱাৰ পথত ৩০ জন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। বদ্ৰীনাথলৈ যোৱাৰ পথত ১৫ জন লোকৰ মৃত্যু।
যমুনোত্ৰিত ১২জন আৰু গংগোত্ৰীলৈ যোৱাৰ পথত আঠ জন লোকৰ মৃত্যু। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি যোৱা বছৰৰ চাৰধাম যাত্ৰাৰ সময়ত ছয়মাহত ২৪৬ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল।
ইয়াৰে অধিকাংশই স্বাস্থ্যজনিত জটিলতাৰ বাবে মৃত্যুক সাৱটি লয় আৰু একাংশ তীৰ্থযাত্ৰী দুৰ্ঘটনাত মৃত্যুবৰণ কৰে। প্ৰশাসনিক সূত্ৰ অনুসৰি মৃত তীৰ্থযাত্ৰীসকলৰ অধিকাংশই মহাৰাষ্ট্ৰ, দিল্লী, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু হাৰিয়ানাৰ। নিহত লোকসকলৰ বয়স ৪৫ৰ পৰা ৬৫ বছৰৰ ভিতৰত।
প্ৰশাসনৰ সূত্ৰ অনুসৰি চলিত বৰ্ষৰ চাৰধাম যাত্ৰাৰ সময়ত এই পৰ্যন্ত মৃত্যু হোৱা অধিকাংশ তীৰ্থযাত্ৰীৰ স্বাস্থ্য সম্পৰ্কীয় কাৰণত মৃত্যু হৈছে।
আন বহু লোকৰো দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাজ্যৰ স্বাস্থ্য সচিব আৰ ৰাজেশ কুমাৰে এইদৰে কয় ,””বহু সংখ্যক তীৰ্থযাত্ৰীক মৃত অৱস্থাত চিকিৎসা শিবিৰলৈ অনা হৈছে।” অৱশ্যে যোৱা বছৰৰ এই সময়ছোৱাত মৃত্যুৰ সংখ্যাতকৈ এই বছৰ মৃত্যুৰ সংখ্যা কম।’
স্বাস্থ্য সচিবগৰাকীয়ে লগতে কয় যে তীৰ্থযাত্ৰাৰ প্ৰথম মাহত চাৰি লাখ ৩০ হেজাৰ তীৰ্থযাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। গোটেই যাত্ৰাটোত পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ৬৯ গৰাকী চিকিৎসা বিষয়া, ১২১ গৰাকী নাৰ্ছ, ২৬ গৰাকী ফাৰ্মাচিষ্ট, ৩০৯ খন অক্সিজেনযুক্ত বিচনা, ছখন আই চি ইউ বিচনা,আৰু ব্লাড বেংকৰ ব্যৱস্থা কৰা হৈছে।