Sikkim: অবিৰত বৰষুণ আৰু ভূমিস্খলনে বিধ্বস্ত কৰি তুলিছে উত্তৰ ছিকিম। বৃদ্ধি পাইছে তিস্তা নদীৰ পানী । আজি পুৱা চুংথাং মথাউৰি প্ৰকল্পৰ গুণগত নিয়ন্ত্ৰণ পৰীক্ষাগাৰটো পানীয়ে উটুৱাই নিয়ে।
তিস্তাৰৰ জোৱাৰৰ ফলত শিল আৰু কংক্ৰিটৰ ভাঙি যোৱাৰ ফলত ফিডাং বেইলী দলংখন যথেষ্ট ক্ষতিগ্ৰস্ত হয়। অঞ্চলটোত নাই বিজুলী, নাই খোৱাপানী।
বিভিন্ন পথ অৱৰোধৰ ফলত বৃদ্ধি পাইছে খাদ্যৰ সমস্যা। উত্তৰ ছিকিমৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ আছে কমেও ১৫০০ পৰ্যটক। ছিকিম প্ৰশাসনে পৰ্যটকক হোটেলত থাকিবলৈ পৰামৰ্শ দিছে। ৰাস্তা খোলাৰ লগে লগে তেওঁলোকক গেংটকলৈ নমাই অনা হ’ব।
মংগনৰ আৰক্ষী অধীক্ষক সোণম দেচ্চু ভুটিয়াই কয়,”অবিৰত বৰষুণৰ ফলত মূল পথটো ভূমিস্খলনত বন্ধ হৈ পৰিছে। লাচেনত ১১৫জন আৰু লাচুঙত ১৩৫০জন পৰ্যটক আবদ্ধ হৈ আছে।” ভূমিস্খলনৰ বাবে দুয়োফালৰ পৰা ওলাই অহা পথ বন্ধ হৈ আছে। সুৰক্ষাৰ কাৰণে পৰ্যটকক হোটেলত থাকিবলৈ কোৱা হৈছে।
বৰষুণ কিছু নিয়ন্ত্ৰণলৈ আহিলেই পথ মুকলিৰ কাম চলিব। পথ মুকলি হ’লেই পৰ্যটকক নিৰাপদে নমাই দিয়া হ’ব। বিভিন্ন অঞ্চলৰ পথত নতুনকৈ ভূমিস্খলন সংঘটিত হৈছে। বহু ঠাইত বাঢ়নী পানীয়ে উটুৱাই লৈ গৈছে পথ। কেৱল সেয়াই নহয়, ডাঙৰ ডাঙৰ শিল সৰি কেবাটাও পথ অৱৰোধ হৈছে।
ধাৰাবাহিক বৰষুণৰ ফলত খাদ্য আৰু খোৱাপানীতো সমস্যাৰ সৃষ্টি হৈছে। সাধাৰণ বাসিন্দাক সকাহ দিবলৈ কাম চলিছে। সেনা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বিভিন্ন ক্ষেত্ৰত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে কাম কৰি আছে।
ছিকিম প্ৰশাসনৰ সূত্ৰ অনুসৰি শনিবাৰে সন্ধিয়া ভূমিস্খলন পৰিষ্কাৰ কৰি লাচুং পথ পুনৰ ব্যৱহাৰযোগ্য হৈছিল। যদিও চুংথাঙৰ পৰা শ্বিপগীৰ আৰু শংকলাঙ হৈ ফিদাংলৈ যোৱা পথটো একাধিক ভূমিস্খলনে অৱৰোধ কৰি ৰাখিছে।
উল্লেখ্য যে,শনিবাৰে বিয়লিৰ পৰা পুনৰ আৰম্ভ হৈছে মোবাইল সেৱা। সন্ধিয়া কিছু অঞ্চলত বিদ্যুৎ যোগান স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। আজি অৰ্থাৎ দেওবাৰৰ ভিতৰত খোৱাপানীৰ যোগান স্বাভাৱিক কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।