APCC President Gaurav Gogoi:
২০২৬ত ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ’ব বুলি দাবী কৰিছে প্রদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে। শনিবাৰে দিল্লীৰ পৰা যোৰহাটত উপস্থিত হোৱা প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈক যোৰহাটকে ধৰি তিতাবৰ, মৰিয়নি, নাজিৰা আদি সমষ্টিত কংগ্ৰেছৰ নেতা-কর্মীসকলে বিপুল আদৰণি জনোৱাৰ পাছত দেওবাৰে পুৱা তেওঁ শিৱসাগৰত উপস্থিত হৈ ঐতিহাসিক শিৱদলত পূজা-অর্চনা কৰে ৷ তাৰ পিছত নিশা উপস্থিত হয় নগাঁৱৰ চামগুৰিত ৷
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব লাভ কৰি প্ৰথমবাৰ চামগুৰিত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈক শিঙিমাৰীত প্ৰতিকূল বতৰকো নেওচি শ শ দলীয় কৰ্মী সমৰ্থকে আদৰণি জনায় ৷ আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত গগৈয়ে কয়,আগন্তুক দিনত দুগুণ নিষ্ঠাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ যোৰহাটৰ পৰা নগাঁৱলৈ যাত্ৰাৰ সময়ত ৰাইজে মোক যথেষ্ট সহাৰি দিছে আগন্তুক দিনত কষ্ট কৰিলে ৰাইজে আৰু আকোঁৱালি লব ৷ সন্মুখত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি পৰ্যালোচনা কৰি আগন্তুক নিৰ্বাচনৰ ৰণ কৌশল তৈয়াৰ কৰা হব বুলি মন্তব্য কৰে সাংসদ তথা নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে ৷
আনহাতে গৌৰৱ গগৈয়ে সোমবাৰে পুৱা উপস্থিত হয় গুৰুজনাৰ ওপজাভূমি বটদ্ৰৱাত ৷ শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হোৱা এপিচিচিৰ নৱ নিযুক্ত সভাপতি গৰাকীক গায়ন- বায়নেৰে প্ৰৱেশদ্বাৰলৈ আদৰি অনা হয় ৷ পিচত গগৈয়ে কীৰ্তনঘৰত সেৱা লয় । বটদ্ৰৱাৰ পৰা নগাঁও চহৰ অভিমুখে আহি থকা পথত হয়বৰগাঁও পুৰণা এ,টি ৰোডৰ হনুমান মন্দিৰত সেৱা- অৰ্চনা কৰে ৷ ইয়াতো সহস্ৰাধিক কংগ্ৰেছ নেতা- কৰ্মীয়ে বিপুল আদৰণি জনায় গৌৰৱ গগৈক ৷
যাত্ৰা পথত ৰাইজক সম্বোধন কৰি সভাপতি গগৈয়ে বিজেপিৰ শাসনকালত ৰাজ্যত অব্যাহত থকা ছিণ্ডিকেটৰাজ, গুণ্ডাৰাজ, ভয়-ভাবুকি শেষ কৰিবলৈ বিচাৰে বুলি মন্তব্য কৰি নতুন অসমৰ স্বাৰ্থত ৰাইজক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়। লগতে তেওঁ কয়, ‘নিবনুৱাই চাকৰি বিচাৰে; কিন্তু চৰকাৰে চাকৰি দিয়াৰ পৰিৱৰ্তে বন্দুক দিবলৈ বিচাৰিছে। অসমৰ জনতাই বন্দুক-পিষ্টল নিবিচাৰে, এটা চাকৰি, সু-চিকিৎসা ব্যৱস্থা, গুণগত শিক্ষা, বিশুদ্ধ খোৱাপানী, বাট-পথ উন্নত হোৱাটো বিচাৰে। খেতিপথাৰত আমাৰ পানী যোগান নাই; কিন্তু আজি চৌদিশে বানপানী হৈছে, চৰকাৰে যিদৰে পদক্ষেপ ল’ব লাগে কৰিব পৰা নাই। তেওঁলোকৰ এটাহে চিন্তা ক’ত ক’ত তেওঁলোকে মাটি ক্রয় কৰিব পাৰে ৷এই অন্যায় আমি সকলোৱে ঐক্যবদ্ধ হৈ শেষ কৰিব লাগিব। নগাঁৱত পৰ্দাপন কৰা গৌৰৱ গগৈক সংগ দিয়ে এপিচিচিৰ নৱ নিযুক্তি কাৰ্যকৰী সভানেত্ৰী ৰৌজলীনা তিৰ্কী, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, বিধায়িকা শিৱামণি বৰা ,নগাঁও জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শান্তনু শৰ্মা ৷
#গৌৰৱ গগৈৰ আগমনৰ পূৰ্বে নগাঁও পৌৰ সভাই খুলি নিলে আদৰণি জনোৱা হাৰ্ডিং- বেনাৰ,গুৱাহাটীটো জিএমচিয়ে আঁতৰোৱা হ’ল গৌৰব গগৈৰ বেনাৰ, পোষ্টাৰ, হৰ্ডিং
:নগাঁৱৰ পিছত গুৱাহাটীৰ ৰাজপথৰ পৰাও আঁতৰোৱা হ’ল গৌৰৱ গগৈৰ বেনাৰ, পোষ্টাৰ, হৰ্ডিং। আজি সন্ধিয়ালৈ গুৱাহাটীত প্ৰবেশ কৰিব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰব গগৈয়ে।
গৌৰব গগৈক আদৰণি জনাই ৰাজপথৰ বিভিন্ন স্থানত বেনাৰ লগাইছিল কংগ্ৰেছে। কিন্ত গুৱাহাটী পৌৰ নিগমে আঁতৰাই দিলে বেনাৰ, পোষ্টাৰ সমূহ।






























