Wild Buffalo Attack In Tezpur:
তেজপুৰত পুৱাই সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ বনৰীয়া ম’হৰ আক্ৰমণত দুজন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় তিনিজনলোক ৷
তেজপুৰৰ জাহাজঘাটত পুৱাতে আৱিৰ্ভাৱ হয় এটা বনৰীয়া ম’হ ৷ ম’হটোৱে সেই সময়ত তাত উপস্থিত থকা ধৰ্কন দাস নামৰ এজন লোকজনক আক্ৰমণ কৰে ৷ থিতাতে নিহত হয় লোকজন ৷ ইয়াৰ পিছত তেজপুৰ চহৰৰ দিশে আগবঢ়া ম’হটোৰ আক্ৰমণত গুৰুতৰ ভাবে আহত ভোজন গোপ নামৰ আন এজন লোক ৷
লোকজনক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে দুৰ্ভগীয়া লোকজনে। আনহাতে,ম’হটোৰ আক্ৰমণত আহত হয় আন তিনিজন লোক৷ তেওঁলোক হ’ল ৰঙিলী চৌধুৰী, প্ৰদীপ ভৌমিক আৰু অপু ৰায় ৷ তিনিও বৰ্তমান চিকিৎসাধীন হৈ আছে টিএমচিএইছত ৷ শেহতীয়া খৱৰ অনুসৰি বৰ্তমান ঘাতক ম’হটোৱে আশ্ৰয় লৈ আছে তেজপুৰ পল’ফিল্ড অঞ্চলৰ এটা পিতনিত ৷






























