Pakistan: ভূমিকম্পৰ ফলত কাৰাগাৰত ফাট, ভাঙিল ছাদৰ এটা অংশ । আৰু তাৰ সুযোগ লৈ পাকিস্তানৰ জেলৰ পৰা ২০০ৰো অধিক কয়দী পলায়ন।
সোমবাৰে গভীৰ নিশা কৰাচীৰ মালিৰ কাৰাগাৰ (বাচা জেল নামেৰে পৰিচিত)ত সংঘটিত হয় এই ঘটনা। দেওবাৰৰ পৰা ইটোৰ পাছত সিটো ভূমিকম্পই কঁপাইছে দক্ষিণ পাকিস্তানৰ উপকূলীয় চহৰ কৰাচী।
যদিও মৃদুভাৱে কঁপনি অনুভৱ হৈছিল, তথাপিও কৰাচীৰ বিভিন্ন ঠাইত আতংক বিয়পি পৰে। ভূমিকম্পৰ বাবেই বাচা কাৰাগাৰত ফাট মেলে। ভূমিকম্পত কেৱল জেলৰ বেৰ ফাটি যোৱাই নহয়, ছাদৰ এটা অংশও ভাঙি যায়।
ফলত কাৰাগাৰৰ ভিতৰত বন্দীসকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। তাৰে সুযোগ লৈ জেলৰ পৰা পলাই বহু কয়দী !
ভূমিকম্পৰ সময়ত প্ৰায় এক হেজাৰ বন্দীক তেওঁলোকৰ বেৰেকৰ পৰা উলিয়াই আনিছিল। সেই সময়তে কেবাজনো কয়দী কাৰাগাৰৰ পৰা পলায়ন কৰে।
বহু লোকে কাৰাগাৰৰ চকীদাৰৰ পৰা বন্দুক কাঢ়ি ভাবুকি দি পলায়ন কৰে। আনকি কিছুমানে কয়দীয়ে গুলীচালনাও কৰে। কাৰাগাৰৰ ভিতৰত গুলীচালনাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংক বিয়পি পৰে। তথ্য অনুসৰি,পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়েও গুলীচালনা কৰে।
কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীৰ সঠিক সংখ্যা চৰকাৰী সূত্ৰই নিশ্চিত কৰিব পৰা নাই। অৱশ্যে বিভিন্ন সূত্ৰই দাবী কৰিছে যে পলায়ন কৰা কয়দীৰ সংখ্যা দুশৰো অধিক। প্ৰথম অৱস্থাত কাৰাগাৰৰ মূল গেট ভাঙি পলায়ন কৰা বুলি অনুমান কৰা হৈছিল। কিন্তু পিছত গম পোৱা যায় যে অধিকাংশ কয়দী কাৰাগাৰৰ দেৱাল ভাঙি যায়।
বন্দী পলায়নৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ চহৰখনক সতৰ্ক কৰি দিয়া হয়। আৰক্ষীয়ে বিভিন্ন স্থানত চেকপইণ্ট পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে।
ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন পথ বন্ধ কৰি দিয়া হয়। এই পৰ্যন্ত ৮০ জন কয়দী ধৰা পৰিছে। অৱশ্যে এতিয়াও পলাতক অৱস্থাত আছে এশৰো অধিক কয়দী।






























