Brutally Murdered:প্ৰেমৰ সম্পৰ্কৰ বিচ্ছেদ কৰাৰ ‘অপৰাধ’ত প্ৰেমিকাক হত্যা কৰিলে প্ৰেমীকে ! এই শিহৰণকাৰি হত্যাকাণ্ড সংঘটিত হৈছে ৰাজধানী দিল্লীত। দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী তথা যুৱতীগৰাকী আৰু অভিযুক্ত দুয়োৰে বয়স আঠাইশ বছৰ। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।যুৱতীগৰাকীক হত্যা কৰাৰ কথাও আৰক্ষীৰ আগত স্বীকাৰ কৰে যুৱকে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ’পেন লাৰ্নিঙৰ ছাত্ৰী সেই যুৱতীগৰাকীৰ নাম মেহক জৈন। অভিযুক্ত অৰ্শকৃত তেওঁৰ পূৰ্বৰ চিনাকি। পুৱা ক্লাছলৈ বুলি মেহকে ঘৰৰ পৰা ওলাই আহিছিল ।
নিৰ্দিষ্ট সময়ত ঘৰলৈ উভতি নহাত পৰিয়ালটো চিন্তিত হৈ পৰে। যুৱতগৰাকীৰ সন্ধান আৰম্ভ হ’ল। এটা সময়ত যুৱতীগৰাকীয়ে ফোনটো ৰিচিভ কৰিলে।
তাৰ পাছত তেওঁ সোনকালে ঘৰলৈ উভতি আহিব বুলি পৰীয়াটোক জনালে । তাৰ পাছতে পৰিয়ালটোৱে যুৱতীগৰাকীৰ এই কৰুণ মৃত্যুৰ কথা আৰক্ষীৰ পৰা জানিব পাৰিলে।
তদন্তকাৰী সূত্ৰ অনুসৰি, ঘৰৰ পৰা নিষেধ কৰাৰ পাছত অৰ্শকৃতৰ স’তে লগ কৰা কথা পতা মেহাকে বন্ধ কৰি দিয়ে। অভিযুক্তই এই কথা একেবাৰেই ভাল নাপালে। ইয়াৰ পাছত তেওঁ যুৱতীগৰাকীক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে।
ঘটনাৰ দিনা অৰ্শকৃতৰ মেহকক ফোন কৰি এখন পাৰ্কলৈ মাতে।যুৱতীগৰাকীয়ে কেতিয়াও কল্পনাও কৰিব পৰা নাছিল যে তেওঁৰ লগত বিচ্ছেদ হোৱাৰ বাবে তেওঁৰ পুৰণি বন্ধুৱে তাইক হত্যা কৰিব।
ফলত আক্ৰমণকাৰীক বিশ্বাস কৰি তাই উদ্যানখনৰ এক নিৰ্জন স্থানলৈ যায়। ইয়াৰ পাছতে অভিযুক্ত যুৱকজনে ভয়ংকৰ ৰূপ ধাৰণ কুৰি মেহকক নিৰ্বিচাৰে ছুৰীৰে আঘাত কৰে।
ইয়াৰ পাছতে যুৱতীগৰাকীৰ মৃত্যু নিশ্চিত কৰিবলৈ ডিঙি চেপি হত্যা কৰে। আনকি যুৱতীগৰাকীৰ শৰীৰটো ধ্বংস কৰিবলৈ জ্বলাই দিবলৈও চেষ্টা কৰিছিল।
ঘটনাৰ কেবা ঘণ্টাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱকজনক। ইতিমধ্যে আক্ৰমণকাৰীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।






























