TMC Protest In Sasal:
তিনিচুকীয়া জিলাত এগৰাকী ৭ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যাৰ দৰে জঘন্য ঘটনাৰ বিৰূদ্ধে তথা ন্যায় প্ৰদানৰ দাবীৰে আজি চচলত অসম প্রদেশ তৃণমূল যুৱ কংগ্ৰেছ আৰু অসম প্রদেশ তৃণমূল ছাত্ৰ পৰিষদে এক ধর্ণা কার্যসূচী ৰূপায়ন কৰে। লগতে, সাম্প্রতিক অসমত বিজেপিৰ শাসনত হোৱা বিশৃংখল শাসন ব্যৱস্থা, বিধস্ত আইন শৃংখলাৰ বিৰুদ্ধে আৰু মহিলাৰ সুৰক্ষাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্রেছে।
উল্লেখ্য যে, দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই শান্তিপূর্ণ আৰু গণতান্ত্রিক প্রতিবাদতো বাধা আৰোপ কৰে আৰক্ষী প্রশাসনে। তৃণমূল কংগ্ৰেছৰ নেত্রী তথা সাংসদ সুস্মিতা দেৱে নিজৰ মত প্ৰকাশ কৰি কয় যে, “৭ বছৰীয়া শিশু গৰাকীৰ লগত হোৱা ঘটনা সচাই দুখঃজনক আৰু নিন্দনীয়। এনেধৰণৰ ঘটনাৰ বিৰূদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্রহণৰ প্ৰয়োজন। বিজেপি চৰকাৰ অসমত আইন-শৃংখলা, শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখাত সম্পূৰ্ণৰূপে বিফল হৈছে।
যি সময়ত বিজেপি শাসনাধীন অসমত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ শাসনত এগৰাকী ৭ বছৰীয়া শিশুও ধৰ্ষণৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছে। তেনে সময়ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কেনেকৈ পশ্চিমবংগত জনসভাত মমতা বেনাৰ্জীৰ শাসন আৰু পশ্চিমবংগ মহিলাৰ বাবে সুৰক্ষিত নহয় বুলি মন্তব্য কৰিব পাৰিলে? বেনাৰ্জীৰ প্ৰস্তাৱিত আইন “অপৰাজিতা আইন” অর্থাৎ “ধৰ্ষণৰ শাস্তি মৃত্যু”, এই আইন এতিয়াও বিজেপি শাসনাধীন কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা নাই।
কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কেৱল নির্বাচন আৰু ক্ষমতাৰ বাবে এনেধৰণৰ কটু মন্তব্য কৰিছে কিন্তু বিজেপি শাসনাধীন ৰাজ্য সমূহত চলি অহা ধর্ষণ, জাতিগত হিংসা, অনুপ্ৰৱেশকাৰীৰ সমস্যা ইত্যাদি ইত্যাদি নানান ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ থকাৰ সময়তো কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়েই হওঁক বা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেই চকু মুদা কুলিৰ ভাওঁ জুৰিলে। আজি শান্তিপূর্ণভাৱে এগৰাকী শিশুৰ ন্যায় প্ৰদানৰ বাবে কৰা এই প্ৰতিবাদত যিদৰে আৰক্ষী প্রশাসনে বাধা প্রদান কৰিলে সেয়া সচাই নিন্দনীয়।
ধিক্কাৰ অসমত আইন শৃংখলা বৰ্তাই ৰাখিব নোৱাৰা আৰু আজিও মহিলা সকলে সুৰক্ষিত অনুভৱ নকৰা বিজেপিৰ শাসন আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ধিক্কাৰ।”গুৰুত্ব আৰূপ কৰি অসমক মহিলাৰ বাবে সুৰক্ষিত কৰাৰ বাবে দাবী জনাইছোঁ। ন’হলে পৰৱৰ্তী সময়ত আমি অসম প্রদেশ তৃণমূল কংগ্ৰেছে অসমৰ ৰাইজৰ সুৰক্ষাৰ স্বার্থত ইয়াতকৈ অধিক ডাঙৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হম।”
প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত থকা ৰাজ্যিক টিএমচিৰ জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদে কয় যে, “পশ্চিমবংগত ধৰ্ষণৰ দৰে জঘন্য ঘটনাৰ বিৰূদ্ধে তথা ন্যায় প্রদানৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ৰাজপথত আহি প্রতিবাদ কৰিছিলে কিন্তু বিজেপিৰ শাসনত থকা ৰাজ্যসমূহত বিজেপিয়ে কিন্তু এনেধৰনৰ ঘটনাৰ বিৰূদ্ধে প্রতিবাদ দূৰৰে কথা প্রয়োজনীয় ব্যৱস্থাও গ্রহণ কৰা পৰিলক্ষিত নহয়। তেনেস্থলত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে পশ্চিমবংগ মহিলাৰ বাবে সুৰক্ষিত নহয় বুলি যি মন্তব্য কৰিছে এয়া সচাঁই নিন্দনীয়। আমি ৭ বছৰীয়া শিশুটিক ন্যায় প্ৰদানৰ বাবে দাবী জনাইছোঁ।
কিন্তু ইয়াতো আৰক্ষী প্রশাসনে বাধা আৰোপ কৰিছে। এটা শান্তিপূর্ণভাৱে চলি থকা আন্দোলনক বাধা দিয়া মানেই গনতান্ত্রিক অধিকাৰ খৰ্ব কৰা। আমি মাত্ৰ শিশু গৰাকীয়ে যাতে ন্যায় পায় আৰু অসম খন মহিলাৰ বাবে সুৰক্ষিত হয় তাৰবাবে প্ৰতিবাদ কৰিছো নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে নহয়। লগতে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ আইন শৃংখলা, সুৰক্ষা ইত্যাদি বিষয়সমূহত ডুৰুত্ব আৰূপ কৰি অসমক মহিলাৰ বাবে সৰক্ষিত কৰাৰ বাবে দাবী জনাইছোঁ। ন’হলে পৰৱৰ্তী সময়ত অসম প্রদেশ তৃণমূল কংগ্ৰেছে অসমৰ ৰাইজৰ সুৰক্ষাৰ স্বার্থত ইয়াতকৈ অধিক ডাঙৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হম।”






























