Women Congress Protest:
উৰণসেতু নিৰ্মাণৰ নামত গুৱাহাটীৰ গছ-গছনি কটাটো এতিয়া যেন এক নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ জিএছ ৰোডৰ উৰণসেতু নিৰ্মাণৰ বাবে ইতিমধ্যে কটা হৈছিল বহু পুৰণি গছ ৷ এইবাৰ মহানগৰ প্ৰশাসনে গছ কাটিব ওলাইছে দীঘলীপুখুৰীত ৷ বিগতবৰ্ষত সন্দিকৈ কলেজজৰ ওচৰত শতবৰ্ষ গৰকা বহুবোৰ গছ কাটিবলৈ ওলোৱাত ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল কটনৰ শিক্ষাৰ্থী সহ বহু অনুষ্ঠান – প্ৰতিষ্ঠানে ৷ অৱশেষত জনতাৰ উত্তাল প্ৰতিবাদত সেও মাটি চৰকাৰে গছ কটা বন্ধ কৰিছিল। কিন্ত শেহতীয়াকৈ সোমবাৰে নিশা প্ৰশাসনে নিশাৰ অন্ধকাৰত দীঘলীপুখুৰী সন্মুখৰ গছবোৰ কাটি পেলাই ৷
জিলা প্ৰশাসনৰ এই হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে গৰজি উঠে অসম মহিলা কংগ্ৰেছ কমিটি ৷ মঙলবাৰে সন্ধিয়া মহিলা কংগ্ৰেছৰ অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে দীঘলী পুখুৰী সন্মুখৰ ৰাজপথৰ কাষত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কাৰ্যসূচীত অংশ লৈ প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে কয়,এই চৰকাৰে চাৰিওফালে আক্ৰমন চলাইছে ৷ অসমীয়া ভাষাৰ প্ৰতিষ্ঠাপক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তীৰ ওপৰত আক্ৰমন কৰিছে !একেদৰে ঐতিয্যমণ্ডিত ৰজা ভগদত্তৰ দিনত খন্দা দীঘলীপুখুৰীৰ ওপৰত আক্ৰমন চলাইছে !
নিশা অন্ধকাৰত দীঘলীপুখুৰীৰ সন্মুখৰ গছ বোৰত আক্ৰমন চলাইছে । আমাক গুৱাহাটীত ইমান অভাৰব্ৰিজ নালাগে । চৰকাৰে যধেমধে উৰণসেতু নিৰ্মাণ বন্ধ কৰাৰ দাবী কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে |