Morocco bans animals Sacrifice:
সমাগত ঈদ ঊল আজহাৰত কোৰবানি দিয়াত নিষেধাজ্ঞা এখন দেশৰ ৷ এই নিষেধাজ্ঞা আৰোপ মৰক্কো চৰকাৰৰ ৷ মুছলমান প্ৰধান দেশ খনৰ এই সিদ্ধান্তক লৈ চৰ্চিত হৈ পৰিছে বিশ্বজুৰি ৷
ADVERTISEMENT
উল্লেখ্য যে, মৰক্কোৰ ৯৯% নাগৰিকেই হৈছে ইছলাম ধৰ্মাৱলম্বী ৷ দেশ খনৰ ৰজা মহম্মদ ষষ্ঠই ঈদলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ পূৰ্বেও তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে নিষেধাজ্ঞাৰ নিৰ্দেশনা ৷
বিগত ছয় বছৰ ধৰি দেশ খনত অব্যাহত থকা খৰাং তথা হ্ৰাস পাই অহা জন্তুৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত লয় ৰজাগৰাকীকে ৷ দেশ খনৰ ৰাষ্ট্ৰ প্ৰধান গৰাকীয়ে কোৰবানিৰ পৰিৱৰ্তে দানৰ উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনাই দেশবাসীক ৷