Sipajhar Incident:
এহাল দম্পতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য ৷ ছিপাঝাৰৰ দেওমৰনৈ গড়গড়ীত চাঞ্চল্যকৰ ঘটনা। ৰহস্যজনক অৱস্থাত শোৱনীকোঠাত উদ্ধাৰ হয় বৃদ্ধ দম্পতীৰ মৃতদেহ।
শোৱনি কোঠাত চিপ লৈ চৰম পন্থা অৱলম্বন ভদ্ৰ বৰুৱা আৰু জয়মতী বৰুৱাৰ। ইতিমধ্যে ঘটনাস্থলীত ছিপাঝাৰ আৰক্ষীৰ দল উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মঙলদৈ চিভিল হাস্পতাললৈ ৷
উল্লেখ্য যে,কৰ্মসূত্ৰে তিনি পুত্ৰ আৰু পৰিয়াল থাকে বহিঃৰাজ্যত। অৱশ্যে দম্পতীহালৰ স’তে থাকে দুই নাতিনী। আনহাতে ওচৰ-চুবুৰীয়াৰ সন্দেহ নিসংগতা অনুভৱ কৰিয়েই চৰম পন্থা ল’লে দুই পতি-পত্নীয়ে।
ভদ্ৰ বৰুৱাৰ বয়স ৭৫ আৰু জয়মতী বৰুৱাৰ বয়স প্ৰায় ৭০ বছৰ। ঘটনাক লৈ অঞ্চল জুৰি শোকৰ ছাঁ পৰে ৷