Donald Trump:ক’লৰাড’ত ইজৰাইলৰ সমাৱেশত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ১২খন দেশৰ নাগৰিকৰ বাবে আমেৰিকাত প্ৰৱেশৰ সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
বুধবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত এক নজৰবিহীন নিৰ্দেশনাত তেওঁ স্বাক্ষৰ কৰে।কোন বাৰখন দেশৰ নাগৰিকে আৰু আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব?
তথ্য অনুসৰি, যিবোৰ দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে, সেইবোৰ দেশ হ’ল আফগানিস্তান, চাড, কংগো, ইকুৱেটৰিয়েল গিনি, ইৰিত্ৰিয়া, হাইটি, ইৰাণ, লিবিয়া, ম্যানমাৰ, ছোমালিয়া, চুডান আৰু য়েমেন।
হোয়াইট হাউছে আৰু ৭খন দেশৰ নাগৰিকৰ ওপৰত কঠোৰ ভ্ৰমণ নিষেধাজ্ঞা কাৰ্যকৰী কৰিছে। অহা সোমবাৰৰ পৰা কাৰ্যকৰী হ’ব ট্ৰাম্পৰ এই নতুন নিৰ্দেশনা।
এই বিষয়ত এক বিবৃতিত ট্ৰাম্পে কয়, “আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনস্বাৰ্থ ৰক্ষাৰ বাবেই এই পদক্ষেপ ল’বলগীয়া হৈছে।
হোয়াইট হাউছে প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভিডিঅ’ বাৰ্তা। ইয়াত ট্ৰাম্পে স্পষ্ট কৰি দিছে যে শেহতীয়াকৈ ক’লৰাড’ত ইজৰাইলৰ শান্তি সমদলত হোৱা আক্ৰমণে তেওঁক এক কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য কৰাইছে। তেওঁ দাবী কৰিছিল, “এই ধৰণৰ কাণ্ডই প্ৰমাণ কৰে যে বিদেশীৰ আগমন আমাৰ বাবে কিমান বিপজ্জনক হৈ পৰিছে।”
ট্ৰাম্পে লগতে কয় ,”ইউৰোপত যি হ’ল, আমি আমেৰিকাত হ’বলৈ নিদিওঁ।”স্পষ্ট কথাত তেওঁ কয়,”আমাৰ ক্ষতি কৰিব বিচৰাসকলক আমি আমাৰ দেশত প্ৰৱেশ কৰিবলৈ নিদিওঁ।”






























