BSF: অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তান সীমান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা । এইবাৰ জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী অঞ্চলৰ যুৱক-যুৱতীসকলক সামৰিক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে বি এছ এফে।
গাঁও প্ৰতিৰক্ষাৰক্ষী (ভিডিজি)ৰ অধীনত প্ৰদান কৰা হৈছে এই প্ৰশিক্ষণ।
বি এছ এফৰ তৰফৰ পৰা জনোৱা হৈছে,সামৰিক প্ৰশিক্ষণ দিয়াৰ উপৰিও সীমান্ত অঞ্চলত অনুপ্ৰৱেশ ৰোধ কৰা, ড্ৰ’ন ব্যৱহাৰ কৰি চোৰাং ব্যৱসায় ৰোধ কৰাকে ধৰি একাধিক অবৈধ কাৰ্যকলাপ বন্ধ কৰাত বি এছ এফক সহায় কৰিব পাৰিব।
বিষয়াসকলে জনোৱা মতে, অস্ত্ৰ পৰিচালনা আৰু আত্মৰক্ষাৰ প্ৰশিক্ষণৰ উপৰিও হঠাতে যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হ’লে কি কৰিব লাগে সেই সম্পৰ্কে প্ৰশিক্ষণ দিয়া হৈছে।
বি এছ এফৰ বিভিন্ন পদত এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। পুৰুষৰ উপৰিও মহিলাসকলকো জৰুৰীকালীন পৰিস্থিতিত কি কৰিব লাগে সেই সম্পৰ্কে প্ৰশিক্ষণ দিয়া হৈছে।
তথ্য অনুসৰি,ভিজিডি দলত বিদ্যালয়ৰ শিক্ষক আৰু পঞ্চায়ত মুৰব্বীসকলো প্ৰশিক্ষণ লৈ আছে। বি এছ এফৰ এগৰাকী বিষয়াই কয়, “এই প্ৰশিক্ষণ গ্ৰহণৰ বাবে যুৱক-যুৱতীসকলৰ মাজত এক বিশেষ উৎসাহ দেখিবলৈ পোৱা গৈছে।”
বি এছ এফৰ বিষয়াসকলৰ অনুমান, প্ৰশিক্ষণ সম্পূৰ্ণ হ’লে সীমান্ত সম্পৰ্কীয় একাধিক তথ্য বি এছ এফলৈ অতি সোনকালে আহিব। ইয়াৰ দ্বাৰা অনুপ্ৰৱেশকে ধৰি একাধিক অবৈধ কাৰ্যকলাপ সহজে ধৰা পেলোৱা সম্ভৱ হ’ব।