Ayodhya Ram Temple:অযোধ্যাৰ ৰাম মন্দিৰ পৰিদৰ্শন কৰে টেছলাৰ মুৰব্বী এলন মাস্কৰ পিতৃ এৰ’ল মাস্কে । বুধবাৰে দুপৰীয়া প্ৰায় দুই বাজি ৩০ মিনিটত তেওঁ মন্দিৰত উপস্থিত হয়। তেওঁৰ লগত তেওঁৰ কন্যা আলেকজেণ্ড্ৰা মাস্ক আৰু তেওঁৰ কোম্পানীৰ অন্যান্য বিষয়াসকলো উপস্থিত আছিল।মন্দিৰটোৰ প্ৰতি মুগ্ধ হৈ ইৰলে ক’লে, “এয়া এক অসাধাৰণ মুহূৰ্ত।
তেওঁ কয়,“মই ইয়াত উপস্থিত হৈ অতি সুখী।মন্দিৰটো সম্পূৰ্ণ হোৱালৈ অপেক্ষা কৰি আছো।এইটো পৃথিৱীৰ অন্যতম আশ্চৰ্য্য।”
ৰাম মন্দিৰৰ সমান্তৰালকৈ সেইদিনা হনুমানগড়ি মন্দিৰতো পৰিদৰ্শন কৰে। ভাৰতীয় সংস্কৃতি আৰু আতিথ্যৰ প্ৰশংসা কৰি ইৰলে কয়, “ভাৰত এখন অতি সুন্দৰ দেশ। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অধিক লোক ইয়ালৈ আহিব লাগে। ইয়াৰ মানুহৰ হৃদয় মৰম আৰু দয়াৰে ভৰি আছে।মই থকা ঠাইত বহু ভাৰতীয় বাস কৰে। গতিকে ভাৰতীয় সংস্কৃতিৰ বিষয়ে মোৰ এটা ধাৰণা আছে।” বিগত এক মে’ত তেওঁ ভাৰতত উপস্থিত হয়।বৃহস্পতিবাৰে উভতাৰ কথা।






























