Rafale Fighter Jet:ফ্ৰান্সৰ ৰাফেল যুদ্ধ বিমান এইবাৰ তৈয়াৰ হ’ব ভাৰতৰ মাটিত ! ডাছল্ট এভিয়েশনৰ স’তে চুক্তিবদ্ধ হৈছে টাটা গোষ্ঠী । চুক্তি অনুসৰি যুদ্ধ বিমানখনৰ মূল গাঁথনি ভাৰতত নিৰ্মাণ কৰিব ‘টাটা এডভান্সড চিষ্টেমছ লিমিটেডে’। হায়দৰাবাদৰ টি এ এছ এলৰ কাৰখানাত নিৰ্মাণ হ’ব ৰাফেল।
সংবাদ মাধ্যমক দিয়া এক বিবৃতিত টাটা গোটে কয় যে চুক্তি অনুসৰি ২০২৮ চনৰ পৰা হায়দৰাবাদত ৰাফেলৰ উৎপাদন আৰম্ভ হ’ব।প্ৰতিমাহে দুটাকৈ ৰাফেলৰ গঠন নিৰ্মাণ কৰিব পাৰিব।
তথ্য অনুসৰি, ভাৰতীয় সেনাবাহিনীৰ লগতে আন দেশলৈও টাটা নিৰ্মিত ৰাফেল যোগান ধৰা হ’ব।
কেইবছৰমানৰ আগতে টাটাই স্পেইনৰ এয়াৰবাছ ডিফেন্স এণ্ড স্পেচ কোম্পানীৰ স’তে ভাৰতত চি-২৯৫ মধ্যম ক্ষমতাৰ সামৰিক পৰিবহণ বিমান নিৰ্মাণৰ বাবে চুক্তিবদ্ধ হৈছিল।
আনহাতে, ২০১৬ চনৰ চুক্তি অনুসৰি ভাৰতীয় বায়ুসেনাক পৰ্যায়ক্ৰমে ৩৬ খন ৰাফেল যোগান ধৰিছে ডাচল্ট এভিয়েশনে।
বিগত এপ্ৰিল মাহত নতুনকৈ ২৬খন পঞ্চম প্ৰজন্মৰ ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ বাবে চুক্তি স্বাক্ষৰিত হৈছিল ফ্ৰান্সৰ যুঁজাৰু বিমান নিৰ্মাতা কোম্পানী আৰু নতুন দিল্লীৰ মাজত।