Turkish Airlines:বিমান বিস্ফোৰক বহন-সহ একাধিক নিৰাপত্তাবিধি উলংঘা। তুৰ্কীৰ বিমানসংস্থাসমূহক সতৰ্ক কৰিলে কেন্দ্ৰই।শেহতীয়াকৈ দেশৰ চাৰিটা বিমানবন্দৰত ‘ ছাৰপ্রাইজ ভিজিট’ কৰিছে ভাৰতৰ অসামৰিক উৰান নিয়ন্ত্ৰক সংস্থাৰ বিষয়াসকলে।
তাতেই তুৰ্কী বিমান সংস্থাসমূহৰ কেবাটাও গাফিলতিৰ কথা পোহৰলৈ আহে। ইয়াৰ পাছতে কেন্দ্ৰই তেওঁলোকক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বুধবাৰে এক বিবৃতিত জনাই, “বিগত ২৯ মে’ৰ পৰা দুই জুনৰ ভিতৰত ভাৰতীয় অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ বিষয়াসকলে দিল্লী, হায়দৰাবাদ, চেন্নাই আৰু বেংগালুৰু বিমানবন্দৰ পৰিদৰ্শন কৰিবলৈ গৈছিল।তুৰ্কী বিমান সংস্থাসমূহৰ গাফিলতিৰ একাধিক গাফিলতি প্রকাশ্যেত আহিছে। আনকি অনুমতি অবিহনে বিমানত ‘বিপজ্জনক’ সামগ্ৰী আৰু বিস্ফোৰক কঢ়িয়াই নিয়াৰ প্ৰমাণো পোৱা গৈছে।”
কেন্দ্ৰৰ বিবৃতি অনুসৰি বেংগালুৰু বিমানবন্দৰত বৃহৎ গাফিলতি দেখা গৈছিল, য’ত বিমানখনৰ গ্ৰাউণ্ড ষ্টাফক সঠিকভাৱে প্ৰশিক্ষণ দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন হয়।
কেৱল সেয়াই নহয়, বিমানখন অৱতৰণ কৰাৰ পাছতো কোনো মেইণ্টেনেন্স ইঞ্জিনিয়াৰ উপস্থিত নাছিল। বৰঞ্চ এজন টেকনিচিয়ানে কামটো সম্পন্ন কৰে।
আনহাতে, কেন্দ্ৰই লগতে কয় যে বেংগালুৰু আৰু হায়দৰাবাদ বিমানবন্দৰত ‘গ্ৰাউণ্ড হেণ্ডলিং’ প্ৰথা যথেষ্ট চিন্তনীয়।
এনে গাফিলতিৰ প্ৰমাণ পোৱাৰ পাছত ভাৰতীয় অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই তুৰ্কী এয়াৰলাইন্সক তাৎক্ষণিক সংশোধনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু আইচিএঅ’ আৰু ডিজিচিএৰ নিয়মাৱলী সম্পূৰ্ণৰূপে মানি চলিবলৈ নিৰ্দেশ দিছে।
যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ভৱিষ্যতে পুনৰ বিমানবন্দৰসমূহ পৰিদৰ্শন কৰা হ’ব বুলিও ডিজিচিএই প্ৰকাশ কৰে।