Jammu and Kashmir: কাশ্মীৰত এইবাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে এনআইএৰ অভিযান। সূত্ৰ অনুসৰি উপত্যকাটোৰ শ্বোপিয়ান, পুলৱামা, কুলগামকে ধৰি মুঠ ৩২টা স্থানত অনুসন্ধান অব্যাহত আছে।
এন আই এৰ লগত আছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীও।সূত্ৰ অনুসৰি ২০২২ চনত কেবাটাও সন্ত্ৰাসবাদী সংগঠন আৰু অভাৰগ্ৰাউণ্ড শ্ৰমিকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।সেই গোচৰৰ তদন্তৰ বাবে আজি উপত্যকাটোত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই অভিযান আৰম্ভ কৰে।
এই সন্দৰ্ভত এজন আৰক্ষী বিষয়াই কয়, “দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান, ৰেবান নীলদুৰা আৰু চেক-ই-চোলেণ্ড গাঁৱত অনুসন্ধান চলি আছে। এন আই এৰ বিষয়াসকলেও কুলগাম জিলাৰ দেৱছাৰ, বুগাম, সোনিগাম আৰু মানজগাম গাঁৱৰ বিভিন্ন স্থানত তালাচী চলাইছে।”
উল্লেখ্য যে ,বিগত ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কেবাটাও ব্যৱস্থা ঘোষণা কৰিছিল।
অপাৰেচন সিন্দূৰ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ন’টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে।ইয়াৰ মাজতে উপত্যকাত আত্মগোপন কৰি থকা উগ্ৰপন্থীৰ সন্ধানত সেনাই কম্বিং অনুসন্ধান আৰম্ভ কৰিছে।
সেনাই দুটা পৃথক অভিযানত ছয়জন উগ্ৰপন্থীক নিঃশেষ কৰিছে। এন আই এও সক্ৰিয় হৈ পৰিছে। উল্লেখ্য যে,পহলগাম আক্ৰমণৰ পাছত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এইটোৱেই প্ৰথম বৃহৎ অভিযান।